দলগাঁৱত মধ্যাহ্ন ভোজনৰ নামত অনিয়ম: মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী

 04/28/2019 - 12:48

দলগাঁও: ধোঁৱাচাঙত মধ্যাহ্ন ভোজন আঁচনি। তিনি মাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে ছাত্ৰ ছাত্ৰীসকলক। প্ৰতি মাহে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নামত আবন্টন দিয়া চাউল যোগান ধৰা হয় যদিও মধ্যাহ্ন ভোজন যোগান ধৰা নহয় বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক।

নিৰ্দেশনা মতে শনিবাৰেও মধ্যাহ্ন ভোজন যোগান ধৰিব লাগে যদিও বিদ্যালয়ৰখনৰ প্ৰধান শিক্ষকগৰাকীয়ে চৰকাৰী নিৰ্দেশক অমান্য কৰি নিজৰ ৰুটিন মতে শনিবাৰে বন্ধ ৰাখে মধ্যাহ্ন ভোজন। এই ঘটনা দৰঙৰ দলগাঁও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ৩ নম্বৰ আৰিমাৰী দক্ষিণ প্ৰাথমিক বিদ্যালয়ৰ।

বিদ্যালয়ৰখনৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে তদন্ত মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাই সংশ্লিষ্ট কৰ্তৃপক্ষক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।