বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ

 04/16/2020 - 13:09

বৰপেটাপহিলা বহাগৰ নিশাই বৰপেটাত সংঘটিত হ'ল অগ্নিসংযোগৰ ঘটনা। যোৱা নিশা সনকুছিস্থিত বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদৰ আবাসগৃহৰ এটা গেৰেজত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে।

জানিব পৰা মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ কৰ্মচাৰী দিবাকৰ দাসৰ কোৱাৰ্টাৰৰ সন্মুখত থকা গেৰেজত নিশা প্ৰায় ১.৩০ বজাত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। কিছু সময় পিছত পৰিয়ালৰ লোকে গেৰেজত জুই লগা গম পাই হুৱা দুৱা লগায় আৰু জুই নুমাবলৈ চেষ্টা কৰে।

লগে লগে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। এই অগ্নিকাণ্ডত দিবাকৰ দাসৰ এএচ ১৫ এফ ৪৪৮৮ নম্বৰৰ নেনো গাড়ী আৰু এএচ ১৫ জে ১২৮৭ নম্বৰৰ বাইক ভস্মীভূত হয়৷ নিশাৰ ভাগতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়।

পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.