মোদী, শ্বাহৰ ৰাজ্যৰ আজব ঘটনা: ধৰ্মৰ ভিত্তিত ক'ৰণা আক্ৰান্তক ৰখা হ'ল পৃথকে পৃথকে

 04/16/2020 - 13:19

উৎপল কুমাৰ কলিতা: সংক্ৰামক ৰোগৰ ধৰ্ম নাথাকে, নাথাকে সীমা। ৰোগে চিনি নাপায় ধনী, দুখীয়া, ৰজা, প্ৰজা, ধৰ্ম। কিন্তু এইখন ভাৰতত ধৰ্মৰ ভিত্তিত কৰা হ'ল ৰোগীক ভাগ ভাগ।

ধৰ্মৰ ভিত্তিত ৰোগীক ৰখা হ'ল চিকিৎসালয়ত পৃথক পৃথকৈ। তাকো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাটত। সাধাৰতে চিকিৎসালয়ত ৰোগীক পুৰুষ, মহিলা হিচাপে পৃথকভাবে ৰখা হয় যদিও গুজৰাটৰ আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ ক'ৰণা আক্ৰান্ত ৰোগীক ৰখা হৈছে হিন্দু-মুছলমান ধৰ্মৰ ভিত্তিত পৃথক পৃথককৈ।

তথ্য অনুসাৰে আহমেদাবাদ অসামৰিক চিকিৎসালয়খন ক'ৰণা চিকিৎসালয়লৈ ৰূপান্তৰ কৰি ১২০০খন বিচনাৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমানলৈ ইয়াত ১৮৬জন সন্দেহযুক্ত লোকৰ পৰীক্ষা কৰি ১৫০ জনৰ দেহত কভিড নাইটিনৰ উপস্হিতি পোৱা গৈছে আৰু আক্ৰান্তসকলক চিকিৎসা চলায় থকা হৈছে। কিন্তু পৰিতাপৰ বিষয় আক্ৰান্ত চল্লিশ জন ইছলাম ধৰ্মী ৰোগীক ৰখা হৈছে পৃথককৈ আৰু বাকী সকলক ৰখা হৈছে পৃথককৈ।

এইদৰে চিকিৎসালয়ৰ দৰে পৱিত্ৰ স্হানত ৰোগীৰ ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰা কাৰ্যৰ পোহৰলৈ অহাৰ পাছত দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ঘটনা পোহৰলৈ অহাৰ পাছত গুজৰাটৰ উপমুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী নীতিন পেটেলে চৰকাৰৰ তেনে কোনো নিৰ্দেশ নাছিল আৰু টনাৰ তদন্ত হ'ব বুলি প্ৰকাশ কৰিছে।

বিপৰীতে চিকিৎসালয়খনৰ অধীক্ষক গুণৱন্ত ৰাথোৰে কয় আমি সদায় লিংগৰ ভিত্তিত ৰোগীক পৃথক কৰি ৰাখো কিন্তু ধৰ্মৰ ভিত্তিত কিয় ৰাখিব লগা হ'ল চৰকাৰক প্ৰশ্ন কৰক। অধীক্ষকজনৰ স্পষ্ট কথাৰ পৰা ইয়াৰ আৰত যে ৰহস্য আছে সেয়া নিশ্চিত হৈ পৰিছে।

যিয়ে নহওঁক দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ ৰাজ্যত ধৰ্মনিৰপেক্ষ দেশ এখনত সংকট কালতো ধৰ্মৰ ভিত্তিত ৰোগী চিনাক্ত কৰি পৃথকে ৰখা ঘটনা নিশ্চিত ভাবে দুখজনক

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।