ক'ৰণামু্ক্ত ৰাজ্য হোৱাৰ পথত কেৰেলা

 04/16/2020 - 13:47

উৎপল কুমাৰ কলিতা: ভাৰতত ১৫ দিনত ক'ৰণা আক্ৰান্তৰ সংখ্য ছয় গু বাঢ়িল। দেশজোৰা লকডাউনৰ মাজতো বিমোৰত পৰিছে কেবাখনো ৰাজ্য। দ্ৰুত গতিত বাঢ়িছে আক্ৰান্তৰ সংখ্যা। দেশত আক্ৰান্তৰ সংখ্যা ১২ হাজৰ স্পৰ্শ। কিন্তু ইয়াৰ মাজতে ভাল খবৰ আহিছে কেৰেলাৰ পৰা। দেশৰ প্ৰথম ক'ৰণা আক্ৰান্ত ধৰা পৰা তথা আক্ৰান্তৰ সংখ্যাৰে দীৰ্ঘসময় শীৰ্ষত থকা কেৰেলা ক'ৰণামু্ক্ত হোৱা পথত।

উল্লেখযোগ্য ৩০ জানুৱাৰীত কেৰেলাৰ ত্ৰিশূৰত দেশৰ সৰ্বপ্ৰথম ক'ৰণা আক্ৰান্ত চিনাক্ত হৈছিল। তাৰ পাছত দ্ৰুত হাৰত বাঢ়িল ক'ৰণা আক্ৰান্ত সংখ্যা। দীৰ্ঘ সময়ৰ বাবে দেশৰ ক'ৰণা আক্ৰান্ত ৰাজ্যৰ তালিকাৰ শীৰ্ষত আছিল কেৰালা। কিন্তু আজি তালিকাৰ ১১ত থকা কেৰেলাত নতুন আক্ৰান্ত নাই ২৪ ঘন্টাত। বৰ্তমানলৈ ৩৮৭ জন ক'ৰণা আক্ৰান্ত কেৰালাত ১৬৭ জন চিকিৎসাধীন আৰু সুস্হ।

একপ্ৰকাৰ ক'ৰণা বিৰোধী যুজঁত জয়ী হ'ল কেৰেলা। বিশ্বজুৰি চৰ্চিত হৈ পৰিছে কেৰেলা মডেল। সবল প্ৰশাসনিক নেতৃত্বৰে অসাধ্য সাধন কৰিলে কেৰেলাই। মুখ্যমন্ত্ৰী পিনৰায় বিজয়ন আৰু স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাৰ নেতৃত্বত টিম ৱৰ্ক সবল কৰি জয়ী কৰিলে ক'ৰণাক। কিন্তু কেনেকৈ?

কেৰালাত প্ৰথমতে কঠোৰভাবে বলবৎ হয় লকডাউন। কোনো মানুহ বাহিৰ ওলোৱা নিষেধ কৰা হয়। পৰিস্হিতি অহৰহ ড্ৰোনৰ সহায়ত পৰ্যবেক্ষণ কৰা হয়। কোনেও বাহিৰ ওলাব নলগাকৈ ৮৭ লাখ পৰিয়ালক ১৭ বিধ সামগ্ৰী ঘৰত যোগান ধৰা হয়। প্ৰতিটো দৰিদ্ৰ পৰিয়ালক ৩৫ কেজি আৰু মধ্যবিত্তীয় পৰিয়ালক ১৫ কেজি বিনামূলীয়া চাউল ঘৰতে দি আহে।

ৰোগ নিয়ন্ত্ৰণত সামাজিক গোট গঠন কৰি ঘৰে ঘৰে পঠোৱা হয় আৰু সৰহ সংখ্যক লোকক স্কেনিং কৰি সন্দেহজনক সকলক আইচলেচন কৰা হয়। পঞ্চায়তৰ পৰা অংগনবাদী কৰ্মীলৈ সকলোকে দিয়া হয় নিজ নিজ অঞ্চলৰ দায়িত্ব। ১০০০ জনসংখ্যা সামৰি একোটা হেল্থ টিমক দায়িত্ব দিয়া হয়। ক'ৰণা পৰীক্ষা সুলভ কৰা হয় আৰু কোনোবাই বিচাৰিলে নিজে পৰীক্ষা কৰাই লব পৰা ব্যৱস্থা কৰা হয়।

পিটিও বুথৰ আৰ্হিত স্হাপন কৰা হয় পৰীক্ষাৰ নমুনা সংগ্ৰহ। প্লাজমা থেৰাপী প্ৰথম ক'ৰণাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে কেৰেলাই। লকডাউন সফল কৰা, বৃহৎ পৰীক্ষা, উপযুক্ত পৰ্যবেক্ষণ, জনসাধাৰণক বাহিৰ ওলাব নলগা সুবিধা প্ৰদান আৰু সবল ক'ৰণা যুজঁৰ নেতৃত্বৰে আজি দেশৰ প্ৰথম ক'ৰণা আক্ৰান্ত ৰাজ্যখন প্ৰথম ক'ৰণামুক্ত ৰাজ্য হোৱা পথত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।