বৰপথাৰত আৰক্ষীৰ চমন প্ৰদানৰ নামত মহিলাক অশালীন ব্যৱহাৰঃ বৰপথাৰত পুনৰ ভোট গ্ৰহণৰ দাবী

 04/28/2019 - 13:16

বিজনী: কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ চিৰাং জিলাৰ বিজনী অন্তৰ্গত ৩৩ নম্বৰ বিজনী বিধানসভা সমষ্টিৰ বৰপথাৰস্থিত বৰপথাৰ এম ই স্কুলত স্থাপন কৰা ৩৩ আৰু ৩৪ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ দুটাত ২৩ এপ্ৰিলত অনুষ্ঠিত হোৱা লোকসভাৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোট গ্ৰহণকাৰী বিষয়াৰ দলে বিসংগতি কাৰ্য সংঘটিত কৰাত কেন্দ্ৰ দুটাত পুনৰ ভোট গ্ৰহণৰ দিন ধাৰ্য নকৰাত স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে, সিদিনা দুয়োটা ভোটগ্ৰহণ কেন্দ্ৰত দায়িত্বত থকা প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলে মকপ'ল কৰাৰ পাছত এই মকপ'ল ভোট আঁতৰাই নিদি একেলেঠাৰীয়ে ভোটগ্ৰহণ কৰি থকাত দুৰ্নীতি সংঘটিত হোৱাত ৰাইজে সুমীমাংসা নোহোৱা পৰ্যন্ত ভোট প্ৰদানত আপত্তি দৰ্খাইছিল৷ কিছু ভোটদান হৈছিল যদিও নিৰ্বাচনী বিষয়াই সুমীমাংসা দিব পৰা নাছিল৷

যাৰ ফলত পুৱা এঘাৰ বজাৰ পৰা ভোট বৰ্জন কৰি ভোটাৰ ৰাইজ আঁতৰিছিল৷ নিৰাপত্তাৰক্ষীও কেন্দ্ৰ দুটাৰ দুৱাৰ জপাই ৰাখিছিল৷ নিৰ্বাচনী বিভাগৰ দায়িত্ববাহী জ'নেল বিষয়া বিশ্বজিৎ শৰ্মাইও বিষয়াৰ ভুলৰ বাবে ৰাইজ মনপুত নোহোৱাত ভোট প্ৰদানত অনিচ্ছুক বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কেন্দ্ৰ দুটাত পুনৰ ভোটদানৰ বাবে উৰ্ধতন বিষয়াক জনোৱা বুলি ব্যক্ত কৰিছিল৷ কিন্তু সিদিনা বিয়লি চাৰি বজাৰ পাছতহে কেন্দ্ৰত উপস্থিত হৈ বিজনীৰ জিলাৰ নিৰ্বাচনী বিষয়া দিঠকানন্দ হাজৰিকাই ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনাইছিল যদিও কোনো ভোটাৰে ভোট প্ৰদান কৰিবলৈ মান্তি হোৱা নাছিল৷ স্থানীয় ৰাইজৰ অভিযোগ পুৱা এঘাৰ বজাতে কেন্দ্ৰৰ পৰা ভোটাৰ ৰাইজ আঁতৰিছিল৷ কিন্তুু জিলা নিৰ্বাচনী বিষয়াই কেইবাঘন্টা পাছতহে ৰাইজলৈ ভোটদানৰ আবেদন জনাইছিল৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী বৰপথাৰ অঞ্চল বন্য হস্তী উপদ্ৰৱ অঞ্চল বাবে আবেলিৰ পৰা অনুষ্ঠিত কৰিব খোজা ভোটদানত ৰাইজ আশ্বস্ত হ'ব পৰা নাছিল৷ স্থানীয় ৰাইজে ভোট গ্ৰহণ কৰা বিষয়াৰ ভুলৰ বাবে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে ভোট গ্ৰহণ কেন্দ্ৰ দুটাত পুনৰ ভোট গ্ৰহণৰ দাবী জনাইছে যদিও অদ্যপি নিৰ্বাচনী আয়োগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ ইয়াৰ মাজতে ভোট গ্ৰহণৰ দিনা বৰপথাৰ ভিচিডিচিৰ সভানেত্ৰী, বিপিএফ নেত্ৰী কণিকা ৰায়ে চৰকাৰী কৰ্তৃপক্ষৰ হৈ ভোটদানৰ আহ্বানৰ সময়ত ৰাইজে অপদস্ত কৰা বুলি পাণবাৰী থানাত এজাহাৰ দাখিল কৰাত সম্প্ৰতি বৰপথাৰ অঞ্চলত আৰক্ষীয়ে সাতজন লোকৰ নামত গোছৰ ৰুজু কৰাত অঞ্চলটোৰ মহিলা সমাজ জাঙুৰ খাই উঠিছে৷

স্থানীয় ৰাইজে শনিবাৰে বৰপথাৰ বজাৰত এক ৰাইজ মেল অনুষ্ঠিত কৰে৷ জানিব পৰা মতে, কালি বৰপথাৰৰ সাতজন লোকৰ নামত পাণবাৰী থানাৰ আৰক্ষী বিষয়া পুতুল কৰ্মকাৰে এজন কনিষ্টবলক লগত লৈ সুৰামত্ত অৱস্থাত গৈ মহিলাক অশ্লীল বাক্য বাণেৰে মহিলা বোৱাৰীক হাতত ধৰি টানি নি বলপূৰ্বক চহী কৰাইছিল৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে, গাঁওখনৰ সাত অভিযুক্তক প্ৰতিজনে পাণবাৰী থানাত পাঁচ হেজাৰকৈ মুঠ ৩৫ হাজাৰ টকা লৈ যাব লাগিব বুলিও সকীয়াই দিছিল৷

আৰক্ষী বিষয়াজনে মহিলাক কৰা অশালীন ব্যৱহাৰ আৰু চমন দিয়া লোকসকলক পাঁচ হেজাৰকৈ টকা থানালৈ নিব লাগিব বুলি কোৱাৰ পাছতে ৰাইজ একত্ৰিত হয়৷ উল্লেখ্য যে অভিযুক্ত লোকসকলক দেওবাৰ পাণবাৰী থানাত হাজিৰ হ'বলৈ কোৱা হৈছে৷ ৰাইজ মেল অনুষ্ঠিত কৰি ৰাইজে প্ৰকাশ কৰে যে, যিহেতু ভোটদানৰ দিনা ৰাইজে কোনো গণ্ডগোল কৰা নাছিল৷ সেয়েহে ভিচিডিচিৰ সভানেত্ৰীয়ে তৰা গোছৰ উঠাই ল'বলৈ আহ্বান জনায় ৷

ইপিনে ভোট গ্ৰহণৰ দিনা উল্লিখিত কেন্দ্ৰ দুটাত দায়িত্ববাহী বিষয়াৰ ভুলৰ বাবে ভোটদান নোহোৱাৰ পাছত কেন্দ্ৰ দুটাত ভোট গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।