দিল্লীত পিজ্জা হোম ডেলিভাৰী দিয়া যুৱক ক'ৰণাত আক্ৰান্ত

 04/16/2020 - 15:42

ডিজিটেল ডেস্কদিল্লীৰ মালভিয়া নগৰৰ বাসিন্দা পিজ্জা হোম ডেলিভাৰী দিয়া ল'ৰা এজন ক'ৰণাত আক্ৰান্ত হৈছে। যোৱা ২০ দিন ধৰি ল'ৰাজন কাঁহ, জ্বৰ আৰু ক'ৰণাৰ লক্ষণবোৰ দেখা দিয়াত ল'ৰাজনক দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসকে ল'ৰাজনৰ দেহত কোভিড ১৯ পজিটিভ পোৱাৰ পিছতেই অঞ্চলটোত হাহাকাৰৰ সৃষ্টি হৈছে। কিয়নো ল'ৰাজনে যোৱা ১২ এপ্ৰিললৈ ঘৰে ঘৰে পিজ্জা দি ফুৰিছিল।

প্ৰশাসনে  ইতিমধ্যে ল'ৰাজনৰ সংস্পৰ্শলৈ অহা ৭২ টা পৰিয়ালক চিনাক্ত কৰি হোম কোৱাৰেণ্টাইনত ৰাখিছে আৰু পিজ্জা চেণ্টাৰৰ ১৭ গৰাকী সহকৰ্মীক কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।