বৃহত্তৰ উত্তৰ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ মুকলি বিহুৰ শুভাৰম্ভ

 04/28/2019 - 13:25

উত্তৰ গুৱাহাটী: বৃহত্তৰ উত্তৰ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ উদ্যোগত আজি ২৮ এপ্ৰিল তাৰিখে দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহুৰ শুভাৰম্ভ কৰা হ'ল। উত্তৰ গুৱাহাটী ৰংমহলৰ লক্ষ্যধৰ চৌধুৰী স্মাৰক ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া মকুলি বিহুখনিৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে বৃহত্তৰ উত্তৰ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ সভাপতি মোহন শইকীয়াই।

বন্তি প্ৰজ্বলন কৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী মৃণালিনী দেৱীয়ে। মুকলি বিহু লগত সংগতি ৰাখি বৃক্ষৰোপন কাৰ্যসূচীত ভাগ ল'ব তেজপুৰ জিলা কাৰাগাৰৰ অধীক্ষক মৃন্ময় ডাউকাই। দিনৰ ১১ বজাত মুকলি বিহুৰ মঞ্চ মুকলি কৰিব কামৰূপ উপায়ুক্ত কমল কুমাৰ বৈশ্যই।

আমন্ত্ৰিত আৰু স্থানীয় শিল্পীয়ে পৰিবেশন কৰিবলগীয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান সফল কৰি তুলিবলৈ উত্তৰ গুৱাহাটীবাসী ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিতি কামনা কৰিছে সম্পাদক উৎপল চৌধুৰী আৰু সক্ৰিয় সহ সম্পাদিকা মুন দাসে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।