অঙ্গনাবাদী কেন্দ্ৰত ব্যাপক দুৰ্নীতি: ধন আত্মসাৎ

 04/16/2020 - 18:01

খাৰুপেটীয়া: দেশত চলি থকা লকডাউনৰ সুবিধা লৈ একাংশ অঙ্গনাবাদী কেন্দ্ৰত চলিছে ব্যাপক দুৰ্নীতি। চৰকাৰী নিয়ম নীতিক বুঢ়া আঙুলি দেখুৱাই অঙ্গনাবাদী কেন্দ্ৰৰ শিশুৰ ধন আত্মসা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে দৰঙ জিলাৰ দলগাঁও সমষ্টিৰ দলগাঁও শিয়ালমাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত শিলবড়ী গাঁও পঞ্চায়তৰ অধিকাংশ অঙ্গনাবাদী কেন্দ্ৰত চলিছে ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ। অভিযোগ অনুযায়ী বেজিমাৰী গাঁৱৰ ১১ নং অঙ্গনাবাদী কেন্দ্ৰৰ কণ কণ শিশু, প্ৰসূতি আৰু গৰ্ভৱতী মহিলাক বিতৰণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ৫ কুইন্টল চাউল আৰু ১ কুইন্টল ২৩ কেজি মটৰ মাহ যোগান ধৰিছিল।

অঙ্গনাবাদী কৰ্মীজনে স্থানীয় জনসাধাৰণৰ চকুত ধুলি দি মাত্ৰ কেইজনমান শিশু আৰু মহিলাক চাউল আৰু মটৰ মাহ বিতৰণ কৰি অধিকাংশ ধন আত্মসা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অঙ্গনাবাদী কেন্দ্ৰটোত সামগ্ৰী বিতৰণ কৰা ক্ষেত্ৰত খেলিমেলি হোৱা সন্দৰ্ভত স্থানীয় যুৱককেইজনে কৰ্মীজনৰ ওচৰত জানিবলৈ বিচৰাত বেজিমাৰী গাঁৱৰ ১১ নং অঙ্গনাবাদী কেন্দ্ৰৰ কৰ্মী ৰুকিয়া আখতাৰা মণ্ডলে যুৱক কেইজনক দাবী ধমকি দি খেদি দিয়ে।

যুৱক কেইজনে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত খবৰ দিয়াত শিলবড়ী আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ নাম মাত্ৰ তদন্ত কৰি গুচি যায় শিলবড়ী আৰক্ষীয়ে। ঘটনা সংক্ৰান্তত শিলবড়ী গাঁও পঞ্চায়তৰ অন্তৰ্গত বেছিমাৰী গাঁৱ ওমৰ ফাৰুখ নামৰ স্থানীয় যুৱকে দলগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। 

উল্লেখ্য যে গুৰু গোসাঁই নমনা অঙ্গনাবাদী কৰ্মীৰ বিৰূদ্ধে পূৰ্বৰ পৰাই শিশুৰ ধন আত্মসা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। বিভাগীয় কৰ্তৃপক্ষৰ একাংশ কৰ্মচাৰীক মেনেজ কৰি কেন্দ্ৰটোত লুণ্ঠন ৰাজ চলাই আছে ১১ নং অঙ্গনাবাদী কেন্দ্ৰৰ কৰ্মী ৰুকিয়া আখতাৰা মণ্ডলে।

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন সোনাৱাল চৰকাৰে শিলবড়ী গাঁৱৰ বেছিমাৰীস্থীত ১১ নং অঙ্গনাবাদী কেন্দ্ৰৰ কৰ্মীজনৰ বিৰূদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেৱা হব লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.