কাকপথাৰৰ ডিৰাক সীমান্ত টেঙাপানীৰ "জুবিন গাৰ্গ সেতু" ভাঙিলে অৰুণাচল আৰক্ষীয়ে

 04/16/2020 - 18:10

কাকপথাৰ: তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাকৰ অসম অৰুণাচল প্ৰদেশ "সীমান্ত টেঙাপানী"ৰ "জুবিন গাৰ্গ সেতু" ভাঙিলে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰক্ষীয়ে৷ কিয় অসমত থকা এখন বাহঁৰ দলং বহিৰাজ্যৰ আৰক্ষীয়ে আহি ভাঙি থৈ গ'ল, সেইয়া বৰ্তমানৰলৈকে জানিব পৰা হোৱা নাই৷

১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সীমান্তৱৰ্তী টেঙাপানী গাঁৱৰ বাসিন্দাই গাঁঠিৰ ধন ভাঙি বাহেঁৰে নিৰ্মাণ কৰা দলঙখন লকডাউনৰ সময়ছোৱাত বন্ধ আছিল যদিও বিহুৰ তিনিদিনৰ বাবে স্থানীয় ধলা আৰক্ষী থানাৰ লগত যোগাযোগ কৰি স্থানীয় ৰাইজে খুলি ৰাখিছিল দলঙখন৷

অৰুণাচল আৰক্ষীয়ে কোনো জাননী নিদিয়াকৈ দলঙখন ভাঙি পেলোৱাক লৈ উত্তেজিত হৈ পৰিছে গাঁওবাসী৷ দলঙখনৰ সিপাৰে "সীমান্ত টেঙাপানী" নামেৰে এখন গাঁৱত ১২০ টা অসমীয়া পৰিয়ালে বসবাস কৰে যদিও লকডাউনৰ নীতি নিয়ম মানি কোনো লোক দলঙেৰে অসমৰ সীমান্তত প্ৰবেশ কৰা নাছিল৷ তাৰ ফলত কিয় অৰুণাচল আৰক্ষীয়ে দলঙখন ভাঙিলেহি সেইয়া এক ডাঙৰ প্ৰশ্ন৷

উল্লেখনীয় বিষয় যে লক ডাউনৰ সময়চোৱাত দৰিদ্ৰ পৰিয়ালৰ বাবে প্ৰশাসনলৈ যথেষ্ট পৰিমানৰ শাক পাচলিও প্ৰদান কৰিছে গাওঁবাসীয়ে৷ অসমৰ জনপ্ৰীয় কণ্ঠশিল্পী জুবিন গাৰ্গে নিজ হাতেৰে উদ্ধোধন কৰিবলৈ অহাৰ এদিন পূৰ্বেই অসুস্থ হৈ পৰাৰ ফলত সংবাদ শিৰোনামা দখল কৰিছিল উক্ত দলঙখনে৷

এইদৰে অসমৰ ভিতৰত চুবুৰীয়া ৰাজ্যৰ আৰক্ষী সীমান্ত টেঙাপানীবাসীৰ সপোনৰ "জুবিন গাৰ্গ" সেতু নামৰ দলঙখন আহি ভাঙি পেলোৱাৰ ঘটনাই ভৱিষ্যতে কি ৰূপ লয় সেইয়া হ'ব লক্ষ্যণীয়৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।