হত্যাৰ ষড়যন্ত্ৰৰ অপৰাধত অভিযুক্ত হ'ব ৰাজপথত খুৱালে, পিকালে

 04/16/2020 - 18:31

উৎপল কুমাৰ কলিতা: ৰাজপথ বা যিকোনো ৰাজহুৱা স্হানত পিকালে ৰুজু কৰা হ'ব হত্যাৰ ষড়যন্ত্ৰৰ গোচৰ। হ'ব জেল, জৰিমনা। কঠোৰ হ'ব চৰকাৰ। বিশেষকৈ ক'ৰণা মহামাৰী প্ৰতিৰোধ কৰাৰ বাবে কঠোৰ হ'ব চৰকাৰ। উল্লেখযোগ্য যে ধোৱাবিহীন ধপাত গুটখা, চাধা, পান, তামোল, পানমছলা, জৰ্দা আদি সেৱনকাৰী সকলৰ মুখত থু, পিক আদিৰ সৃষ্টি হয়।

বিশেষকৈ গুটখা, পানমছলা, পান সেৱনকাৰীসকলে য'তে ত'তে থুৱাই ফুৰে। অসম এই ক্ষেত্ৰত এখোপ চৰা। কি ৰাজপথ, কি ডিভাইডাৰ, ৰাজহুৱা কাৰ্যালয়, চিকিৎসালয়, প্ৰসাবগাৰ, সভাগৃহ সকলোতে কেবল পিকোৱা দাগ। বিশেষকৈ গুটখাৰ প্ৰচলন অধিক হোৱা আৰু বহু গুটখা সেৱনকাৰীয়ে অবিবেচক ভাবে য'তে ত'তে খুওৱাটো নিয়মৰ দৰে হৈছে। এনে অৱস্হাত ক'ৰণা প্ৰতিৰোধ সংগ্ৰামৰ দৰেই অত্যন্ত জৰুৰী হৈ পৰিছে এনে কাৰ্য কঠোৰ ভাবে বন্ধ কৰাটো।

কাৰণ কভিড নাইটিন আক্ৰান্ত এজন লোকে কৰবাত পিকালে বা খুৱালে তাৰ পৰা সহজে অন্য সুস্হ মানুহলৈ ই বিয়পি পৰিব পাৰে। ভাৰতত পিকোৱা, থু পেলোৱা যিটো হাৰ সেইটোলৈ চাই এই কাৰ্য হ'ব পাৰে মহাঘাটক। সেয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু গৃহমন্ত্ৰালয়ে কঠোৰভাবে এই ক্ষেত্ৰত ব্যৱস্হা লবলৈ নিৰ্দেশ দিছে। আনকি ইয়াৰ বাবে মানুহক হত্যাৰ ষড়যন্ত্ৰ কৰা গোচৰো পিকোৱা মানুহজনৰ বিৰুদ্ধে ৰুজু হ'ব পাৰে।

কেইবাখনো ৰাজ্যই নিজাকৈও লৈছে কঠোৰ পদক্ষেপ। সেয়ে এজন সচেতন নাগৰিক হিচাপে আহক চৰকাৰক সহযোগ কৰো। ৰাজহুৱা স্হানত গুটখা, ধপাত সেবন কৰি পিকোৱা, থুওৱাৰ পৰা বিৰত থাকো। এনে নিকৃষ্ট কাণ্ড কৰা সকলোকো বাধা দি দেশৰ সবল নাগৰিকৰ পৰিচয় দিও।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।