চৰাইদেউ জিলাৰ ভজোত অৱধ এক্সপ্ৰেছৰ ষ্টপেজ উদ্বোধন

 02/26/2019 - 17:51

চৰাইদেউঃ বহু প্ৰতীক্ষাৰ অন্ততঃ চৰাইদেউ জিলাবাসীয়ে লাভ কৰিলে আন এক দুৰণিবটীয়া ৰেলসেৱা। চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ ভজো ৰেল ষ্টেচনত ১৫৯০৯/ ১৫৯১০ নম্বৰৰ অৱধ আচাম এক্সপ্ৰেছ ৰেলৰ ষ্টপেজ উদ্বোধন কৰা হয়। উল্লেখ্য যে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ ভজো ৰেল ষ্টেচনত দুৰণিবটীয়া ৰেলসেৱা প্ৰবৰ্তনৰ বাবে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ লগতে সোণাৰিৰ সাংবাদিক তথা স্থানীয় জনসাধাৰণে দাবী জনাই অহাৰ পাছত ষ্টেচনটোত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ডিব্ৰুগড়-লালগড় (উজনি/নামনিমুৱা দুয়োখন) অৱধ আচাম এক্সপ্ৰেছ ৰেলৰ ষ্টপেজ উদ্বোধন কৰি জিলাবাসীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰে।

মন কৰিবলগীয়া যে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লগতে মাহমৰা বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চল, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নগালেণ্ডৰ বিভিন্ন স্থানৰ জনসাধাৰণৰ বাবে ৰেল যাতায়তৰ অন্যতম কেন্দ্র ভজো ৰেল ষ্টেচনত দুৰণিবটীয়া ডিব্ৰুগড়-দিল্লী সংযোগী ব্ৰহ্মপুত্ৰ মেইল, হাওৰা-ডিব্ৰুগড় সংযোগী কামৰূপ এক্সপ্ৰেছৰ লগতে তিনিচুকীয়া-ৰঙিয়া কামাখ্যা এক্সপ্ৰেছ, লিডু-কামাখ্যা ইন্টাৰচিটি এক্সপ্ৰেছ, তিনিচুকীয়া-লামডিং পেচেঞ্জাৰ আৰু যোৰহাট -তিনিচুকীয়া পেচেঞ্জাৰ খনৰ বাদে দুৰণিবটীয়া আন কোনো ৰেলৰ ষ্টপেজ নথকাত দুৰণিবটীয়া যাত্ৰাৰ বাবে যাত্ৰীসকলে শিমলুগুৰি নাইবা তিনিচুকীয়াৰপৰা যাত্ৰা কৰিবলগীয়া হয়। ফলত নানা অসুবিধাৰ সন্মুখীন হয় চৰাইদেউ জিলাৰ লগতে অৰুণাচল প্ৰদেশ আৰু নগালেণ্ডৰ যাত্ৰীসকল। যাৰ ফলত টাই আহোম যুৱ পৰিষদৰ লগতে সোণাৰিৰ সাংবাদিক তথা স্থানীয় জনসাধাৰণে বাৰম্বাৰ দাবী জনাই অহাৰ পাছত আৰম্ভ কৰা অৱধ আচাম এক্সপ্ৰেছ ৰেলসেৱাই যাত্ৰীসকলৰ বহুদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।