শিৱসাগৰ: চোৰাং ব্যৱসায়ীৰ ৰম্যভূমিত পৰিণত হৈছে উজনি অসম। প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই দৈনিক কয়লা, তেল, লং-ডালচেনীকে ধৰি গোপনে অব্যাহত আছে মূল্যবান চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। অসম অৰুণাচলৰ বনজ সম্পদ ধ্বংস কৰি দুষ্ট চক্ৰই বহি:ৰাজ্যলৈ দৈনিক প্ৰেৰণ কৰি আহিছে কোটি কোটি মূল্যৰ বনজ সম্পদ।
শনিবাৰে শিৱসাগৰত খয়ৰ কাঠ কঢ়িয়াই অনা দুখনকৈ বহিঃ ৰাজ্যৰ ট্ৰাক জব্দ কৰিছে গৌৰীসাগৰ আৰক্ষীয়ে। মাজনিশা নিয়মীয়া তালাচীত ৫০ লাখ টকা মূল্যৰ মূল্যবান খয়ৰ কাঠ জব্দ কৰা হৈছে শিৱসাগৰত। জিলাখনৰ গৌৰীসাগৰ আৰক্ষীয়ে জব্দ কৰা কাঠখিনিৰ মূল্য অৰ্ধ কোটিৰো অধিক। অসম-অৰুণাচল সীমান্তবৰ্তি ধলাৰ পৰা এই দুই ট্ৰাক মূল্যবান কাঠ হাৰিয়ানাৰ চনীপথলৈ নি থকা হৈছিল।
আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ হৈছে RJ23GB7786 আৰু RJ37GB5299। ষোল্লচকীয়া ট্ৰাক দুখনৰ চাৰি চালক-হেন্দিমেনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে। জেললৈ যোৱা চালক-হেন্দিমেন চাৰিজন হৈছে- ভাগ চান্দ, ৰাজেন্দ্ৰ ভিন্সাৰ, তাচকিম বেহালিম আৰু ৰামনিবাস জাট। আটাইকেইজনৰ ঘৰ ৰাজস্থানত।
প্ৰায় নিয়মিত অব্যাহত থকা চোৰাং কাঠৰ অবৈধ ব্যৱসায়ৰ সৈতে আচলতে কোন জড়িত, সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীয়েও চালক হেন্দিমেনক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিব বিচাৰিছে।
অৱশ্যে স্বচ্ছ প্ৰশাসনৰ শ্ল'গান দিয়া সোণোৱাল চৰকাৰে কিদৰে এনে অবৈধ ব্যৱসায় ৰোধ কৰে সেয়াহে লক্ষণীয় হ'ব।