পুনৰ ৰাজ্যত আক্ৰমণৰ বলি সাংবাদিক

 04/28/2019 - 16:00

মৰিয়নীঃ যোৱা কিছু দিনৰ পৰা অসমত ধাৰাবাহিকভাৱে গন্ততন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ লগত জৰিত ব্যক্তিক একাংশ দুৰ্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰি ল’বলৈ আৰম্ভ কৰিছে৷ শনিবাৰে নিশাৰ ভাগত যোৰহাট সদৰ থানাৰ পৰা নাতিদূৰৈত যোৰহাটৰ জ্যেষ্ঠ তথা ই মেডিয়াৰ সভাপতি Dy365ৰ যোৰহাটৰ সাংবাদিক ৰাজীৱ বৰাক পাঁচজনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে।

নগৰৰ Dos n companyৰ ওচৰত পাঁচজনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণত সাংবাদিকগৰাকীয়ে মূৰত আঘাত পায়৷ ততাতৈয়াকৈ সাংবাদিকগৰাকীক JMCHত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত ৰাজীৱ বৰাক নিশাই সঞ্জীৱনী নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়৷ শেহতীয়াকৈ জানিব পৰা মতে যোৰহাটৰ জ্যেষ্ঠ সাংবাদিকগৰাকী বৰ্তমান সংকটমুক্ত।

কালি নিশাৰ ভাগত চিটিস্কেন কৰাৰ পিছত কিছু আৰোগ্য হোৱাত যোৰহাটৰ ঘৰলৈ লৈ যোৱা হয় যদিও বৰ্তমান ব্লাডপ্ৰেছাৰ যথেষ্ট বেছি আৰু মূৰত যথেষ্ট বিষ অনুভৱ কৰাত পুৱাৰ ভাগত পুনৰ চিকিৎসকৰ ওচৰলৈ যায় সাংবাদিকগৰাকী৷ লক্ষ্যনীয় কথাটো হল যোৱা কিছু দিনৰ আগতে কালি ঘটনা সংঘটিত হোৱা স্থানৰ পৰা কিছু দূৰত ৰাজীৱ বৰাৰ সহযোগী video jarnalisht ৰিছু সিঙক কেইটামান দুৰ্বৃত্তই আক্ৰমণ কৰিছিল৷

শেহতীয়াকৈ যোৱা ৰাতি আক্ৰমণ কৰা দুৰ্বৃত্তৰ মাজৰ এটা আক্ৰমণকাৰীক যোৰহাট সদৰ আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰে৷ আটক কৰা দুৰ্বৃত্তটোৰ নাম হ’ল জ্যোতিপ্ৰসাদ দাস৷ যোৰহাট সদৰ আৰক্ষীয়ে জ্যোতিপ্ৰসাদৰ ওপৰত বৰ্তমান জেৰা অব্যাহত ৰাখিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।