মাৰ্কিন চেক্ৰেটাৰী অব ষ্টেটে ভাঙিলে সাঁথৰ: আমেৰিকাৰ জ্ঞাতে চলিছিল চীনৰ মহাঘাটক গৱেষণা

 04/17/2020 - 16:46

উৎপল কুমাৰ কলিতা: চীনৰ পৰা ক'ৰণা বিয়পোৱা ৰহস্যৰ সাঁথৰ ভাঙিলে অবশেষত আমেৰিকাই। আমেৰিকাৰ জ্ঞাতে চলিছিল চীনৰ উহানৰ গৱেষণাগাৰত বিধ্বংসী ভাইৰাছৰ গৱেষণা। য'ৰ পৰা বিয়পি পৰিছিল ক'ৰণা মহামাৰী। এই সম্পৰ্কে ফক্স নিউজত দিয়া এক সাক্ষাৎকাৰত সকলো ৰহস্য ভেদ কৰি ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সমকক্ষ মৰ্যদাৰ মাৰ্কিন চেক্ৰেটাৰী অব ষ্টেট মাইক পাম্পিয়াই কয়- চীনৰ য়ুহানৰ গৱেষণাগাৰত বিধ্বংসী সংক্ৰম ঘটাব পৰা উৎপাদনৰ গৱেষণা কৰা হৈছিল। আমেৰিকা এই সম্পৰ্কে অবগত আছিল।

বহু দেশে এনে গবেষণা মনোনিবেশ কৰে আৰু যি দেশে স্বচ্ছতাৰে এনে কাম কৰে তেনে দেশে এনে উপাদান ভয়ংকৰ হ'লেও সুৰক্ষিত ৰাখিব পাৰে। তেনে দেশে অন্য দেশৰ পৰ্যবেক্ষক সকলকো কাম চাবলৈ আমন্ত্ৰণ কৰে যদিও চীনে তেনে কাম নকৰিলে আৰু সকলো গোপন ৰাখিলে। তেওঁ আৰু কয় যে চীনৰ গৱেষণাগাৰৰ পৰা কেনেকৈ এই ভয়ংকৰ উপাদান বাহিৰলৈ আহিল আৰু বিশ্বত বিয়পি পৰিল তাক আমেৰিকাই তদন্ত কৰি আছে।

উল্লেখযোগ্য যে য়ুহানৰ ইনষ্টিটিউট ভাইৰলজিত ১০০০ বাদুলিৰ পৰা সংক্ৰম ভাইৰাছৰ ওপৰত গৱেষণা কৰা হৈছিল। ইতিমধ্যে বৃটিছ সংবাদ মাধ্যমৰ বাতৰি মতে আমেৰিকাৰ স্বাস্থ্য বিভাগৰ পৰা এই গৱেষণাৰ বাবে ২৮ কোটি টকা দিয়া হৈছিল চীনৰ গৱেষণাগাৰক। এতিয়া প্ৰশ্ন হ'ল চীনে তথ্য লুকুৱাই মানবতাৰ বিৰোধী কাম কৰিছে। কিন্তু তাৰ বিপৰীতে আমেৰিকাই সকলো জানিও ইমান দিনে কিয় মৌন হৈ আছিল। যদি এই ভয়ংকৰ গৱেষণাৰ কথা আমেৰিকাৰ জ্ঞাত আছিল তেনেহলে কিয় ক'ৰণা সংক্ৰমৰ আৰম্ভণিতে আমেৰিকাই সদৰি নকৰিলে।

এতিয়া বিশ্বৰ লগতে নিজৰ দেশ মৰিশালী হোৱাৰ পাছত সকলো দোষ চীনৰ ওপৰত জাপি দিলেও আমেৰিকাৰ মুখাও লাহে লাহে ওলাই পৰিছে। প্ৰকট হৈ পৰিছে চীন আমেৰিকাৰ মানবতা বিৰোধী চৰিত্ৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।