গৰমে স্তব্ধ কৰিব নোৱাৰে ক'ৰণা সংক্ৰমণ

 04/17/2020 - 18:44

উৎপল কুমাৰ কলিতা: ক'ৰণা সংক্ৰমণ মানচিত্ৰ আৰু দেশভেদে সংক্ৰমণ হাৰৰ ওপৰত অধ্যয়ন কৰি এচাম বিশেষজ্ঞই মন্তব্য কৰিছিল যে গৰম ঠাইবোৰত ক'ৰণাৰ সংক্ৰম কম হয়। এই অনুসাৰে ভাৰত তথা অসমত এক আশাৰ বতৰা আছিল যে এপ্ৰিলৰ মাজভাগৰ পৰা সূৰ্য্যৰ তাপমাত্ৰা বাঢ়িব অৰ্থাৎ গ্ৰীষ্ম ঋতু আহিব। তেতিয়া ক'ৰণাৰ সংক্ৰম কমিব।

কাৰ ভাৰতত বহু ঠাইতে গ্ৰীষ্ম কালত উষ্ণতা ৩০ ডিগ্ৰীৰ ওপৰত থাকে। কিন্তু সেই সম্ভাৱনাত চেচাঁপানী পৰিল। শেহতীয়া গৱেষণাৰ তথ্যমতে ৬০ ডিগ্ৰী উষ্ণতাতো কভিড নাইটিন জীয়াই থাকে আৰু সংক্ৰমিত হ'ব পাৰে। দক্ষিণ ফ্ৰান্সৰ Aix Marsellia University এক গৱেষণাত পোহৰলৈ আহিছে যে অত্যধিক তাপেও কভিড নাইটিনৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে।

বিশ্ববিদ্যালয় খনৰ অধ্যাপক বিখ্যাত গৱেষক Remi cherrelৰ নেতৃত্বত চলা গৱেষণাত এই তথ্য পোহৰলৈ আহে। তেওঁলোকে প্ৰমা লাভ কৰে যে ৬০ ডিগ্ৰী উষ্ণতাতো ই সমানে সক্ৰিয়। ইফালে এইলৈ ভাৰতৰ ICMR ৰ মুখ্য বিজ্ঞানী ডাক্তৰ ৰমন আৰ গাংগাখেডকাৰেও মন্তব্য কৰা মতে গৰমত কভিড নাইটিনৰ মৃত্যু হয়, নিষ্ক্ৰিয় হয় বা সংক্ৰমণ ক্ষমতাহীন হয় বুলি এচামে দাবী কৰাৰ কোনো ভিত্তি নাই।

এনে পৰিস্থিতিত কভিড নাইটিন ভাৰতত গ্ৰীষ্ম ঋতুত কমিব বুলি প্ৰচাৰ কৰা কাৰ্য প্ৰমাণবিহীন। উল্লেখযোগ্য যে ভাৰতৰ শীতল ৰাজ্যবোৰৰ তুলনাত গ্ৰীষ্মৰ প্ৰভাব থকা ৰাজ্যবোৰত অধিক ক'ৰণা সংক্ৰমণ হৈ আছে। সেয়ে গৰম নহয় ক'ৰণাৰ চিটা আৱিষ্কাৰহে মানব জাতিৰ শেষ ভৰষা ই নিশ্চিত। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।