কোকৰাঝাৰত দুই সন্তানক দাৰে ঘপিয়াই হত্যা কৰি মাতৃৰ আত্মহনন

 04/28/2019 - 17:11

ডিজিটেল ডেস্কঃ গাৰ নোম শিয়ৰি উঠা এক ঘটনা সংঘটিত হ’ল কোকৰাঝাৰত। এগৰাকী পাষাণ হৃদয়ৰ জন্মদাত্ৰী মাতৃয়ে নিজৰ দুই সন্তানক হত্যা কৰি পিছত নিজেও শৰীৰত কেৰাচিন ঢালি আত্মহত্যা কৰে। জানিব পৰা মতে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত বেচিমাৰী গাঁৱৰ দীনবন্ধু দাসৰ পত্নী সুজলা দাসে(২৮) স্বামীৰ অনুপস্থিতিত তেওঁলোকৰ দুই কণমানি সন্তান ৰিম্পা দাস(৯) আৰু দিগন্ত দাস(২)ক দাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰাৰ পিছত নিজেও গাত কেৰাচিন ঢালি আত্মহত্যা কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত বেচিমাৰী গাঁৱৰ দীনবন্ধু দাস আৰু তেওঁৰ পত্নী সুজলা দাসৰ ডাঙৰ জী ৰিম্পা দাস আছিল এগৰাকী দিব্যাংগ। নিজৰ কন্যা সন্তানটি দিব্যাংগ হোৱাৰ বাবে পৰিয়ালটোৰ মনত কিছু দুখ অনুভৱ হয়। কিন্তু তেনে সময়তে তেওঁলোকৰ কোলালৈ এক পুত্ৰ সন্তান অহাৰ পিছত পৰিয়ালটোৰ দুখ বহুখিনি লাঘৱ হয়।

সমান্তৰালভাৱে দিব্যাংগ জী ৰিম্পা দাসৰ চিকিৎসাও অব্যাহত ৰাখে। কিন্তু ভাগ্যৰ কি পৰিহাস! ক্ৰমান্বয়ে পুত্ৰ ডাঙৰ হৈ অহাত জানিব পাৰিলে পুত্ৰও বিশেষভাৱে সক্ষম বুলি। লাহে লাহে ঘৰখনলৈ পুনৰ দুখৰ দিন নামি আহে। সাধাৰণ ৰং মিস্ত্ৰী দীনবন্ধু দাসে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিজ সন্তানক চিকিৎসাৰ বাবে লৈ গৈছিল যদিও অৰ্থাভাৱৰ বাবে পুনৰ ফকিৰাগ্ৰামতে চিকিৎসা অব্যাহত ৰাখে।

দীনবন্ধু দাসে জনোৱা মতে আন দিনাৰ দৰে শনিবাৰেও তেওঁ কামলৈ যোৱাৰ সময়ত সকলো বস্তুৰ যোগাৰ কৰি দিছিল পত্নীয়ে। কিন্তু ঘৰলৈ আহি দীনবন্ধু দাসে প্ৰত্যক্ষ কৰে তেজেৰে ৰাঙলী দুটা মৃতদেহ আৰু প্ৰায় সম্পূৰ্ণৰূপে পুৰি যোৱা এটা মৃতদেহ। ততাতৈয়াকৈ তেওঁ সকলো লোককে খবৰ দিয়ে। পিছত ঘটনা সন্দৰ্ভত গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক অৱগত কৰে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে কোকৰাঝাৰ সদৰ উপ আৰক্ষী অধীক্ষক পুৰনজিৎ নাথৰ নেৰ্তৃত্বত আৰক্ষী বাহিনী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ সদৰ চহৰলৈ অনাৰ ব্যৱস্থা কৰে। উপ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰাথমিক তদন্তত দুই সন্তানক হত্যা কৰি পৰৱৰ্তী পৰ্যায়ত মাতৃগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

লগতে মৰণোত্তৰ পৰীক্ষা আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে বিষয়টো পৰিস্কাৰ হ’ব বুলি মন্তব্য কৰে। উল্লেখ্য যে মাতৃৰ দাৰ ঘাপত দুবছৰীয়া দিগন্তৰ জিভা পৰ্যন্ত বাহিৰলৈ ওলাই আহে। আনহাতে দেহৰ প্ৰায় ৯০ শতাংশই পুৰি যোৱা অৱস্থাত সন্তান হত্যাকাৰী নিষ্ঠুৰ মাতৃগৰাকীৰ মৃতদেহটো মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰিছিল দীনবন্ধু দাসে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।