অসম জীয়ৰীৰ অনন্য প্ৰয়াস: মুগ্ধ হ'ল প্ৰধানমন্ত্ৰী

 04/18/2020 - 14:50

উৎপল কুমাৰ কলিতা: অসমৰ এগৰাকী যুৱতীক প্ৰধানমন্ত্ৰীৰ উচ্চ প্ৰশংসা। নাম তেওঁৰ পৰিস্মিতা কলিতা। পৰিস্মিতা এটা টুইট সম্প্ৰতি দেশ জুৰি চৰ্চিত হৈ পৰিছে। যিটো টুইটে মুগ্ধ কৰে প্ৰধানমন্ত্ৰীকো। উল্লেখযোগ্য সম্প্ৰতি বিশ্বৰ লগতে ভাৰততো ক'ৰণাৰ সন্ত্ৰাস। ইয়াৰ মাজতে চলিছে ক'ৰণা বিৰোধী যুঁজ।

মহামাৰী ক'ৰণাক প্ৰতিৰোধ কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লকডাউন ঘোষণাক আদৰণি দেশৰ জনতাৰ। ১৪ এপ্ৰিলত সমাপ্ত হৈছিল প্ৰথম পৰ্যায়ৰ ২১ দিনৰ লকডাউন আৰু সিদিনা ৰাতিপুৱা ১০ বজাত বজাত দ্বিতীয় পৰ্যায়ৰ লকডাউন ঘোষণাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰক উদ্দেশ্যে ভাষ দিছিল। সিদিনা মোডীৰ পোচাক ভাষৰ অনুকৰনেৰে পুতুলা শিল্পী মাতৃ আৰু ভগ্নীৰ লগ হৈ মোডীৰ অবিকল পুতলা সাজি পৰিস্মিতাই এক ভিডিঅ' টুইটাৰত আপলোড কৰে।

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে পৰিস্মিতাৰ টুইটত ৰিটুইট কৰি বিহুৰ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে পৰিস্মিতাক। ক'ৰণাৰ সজাগতা সৃষ্টিত পৰিস্মিতাৰ মোডী পুতুলাই আকৰ্ষণ কৰিছে অজস্ৰজনক। পৰিস্মিতাৰ এই প্ৰয়াসে গৌৰব কঢ়িয়াই আনিছে অসমলৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।