সাংবাদিকক নিৰাপত্তা প্ৰদানত ব্যৰ্থ সোণোৱাল চৰকাৰ: ধাৰাবাহিক সাংবাদিক আক্ৰমণক তীব্ৰ গৰিহনা আইৰা'ৰ

 04/28/2019 - 17:51

চাংসাৰি: সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ শাসনত বৰ্তমান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দিনক দিনে গণতন্ত্ৰৰ চতুৰ্থ চালিকা শক্তি সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। সৰ্বানন্দ সোণোৱাল চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে সাংবাদিক আৰু সংবাদকৰ্মীৰ নিৰাপত্তা প্ৰদানত। কেইদিনমান আগতে ধুবুৰী জিলাৰ সাংবাদিক ৰাজীৱ শৰ্মাৰ ওপৰত দুষ্কৃতিকাৰীৰ হত্যাৰ ভাবুকিৰ পিছত দুদিনমান আগতে তিনিচুকীয়াৰ লগতে নলবাৰী জিলাৰ মুকালমুৱাতো দুৰ্বৃত্তই সাংবাদিকক আক্ৰমণ কৰে।

দুদিন আগতে তিনিচুকীয়া জিলাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীয়ে নিজ স্বামীৰ সৈতে হোটেলত খাই থকা অৱস্থাত কেইজনমান দুৰ্বৃত্তই আক্ৰমণ কৰে। আনহাতে নলবাৰী মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাক বজাৰ কৰি ঘৰলৈ উভতি অহাৰ সময়ত কোনো দুৰ্বৃত্তই আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ যোৱাৰ পিছত গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এনেদৰে সংবাদ কৰ্মীৰ ওপৰত নিৰন্তৰ আক্ৰমণৰ ঘটনাক ভাৰতবৰ্ষৰ সংবাদ কৰ্মীৰ বৃহৎ সংগঠন অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্ছ এছ'চিয়েছন চমুকৈ আইৰা'ৰ অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে।

ভাৰতীয় সংবিধান অনুযায়ী গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সকলোৱে সন্মান জনোৱা তথা সহযোগ কৰা উচিত। কিন্তু ইয়াৰ বিপৰীতে সোণোৱাল চৰকাৰৰ শাসনত ইমানকৈ সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণক সোণোৱাল চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতাৰ পৰিচায়ক আখ্যা দি এইকেইদিনত সাংবাদিকক আক্ৰমণ কৰা আক্ৰমণকাৰীসকলৰ ওপৰত চৰকাৰ, প্ৰশাসনক অতি শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আইৰা'ৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক পঙ্কজ নাথে দাবী তুলিছে।

আনহাতে যদি সাংবাদিকৰ ওপৰত এনেদৰে অবিৰত আক্ৰমণ আৰু তিৰস্কাৰ অব্যাহত থাকে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰি থাকে তেনেহ'লে অসমৰ সমূহ সংবাদকৰ্মীৰ জীৱন আৰু সন্মানৰ স্বাৰ্থত আইৰা'ই চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আইৰা, অসমৰ ৰাজ্যিক সভাপতি কিৰণ কুমাৰ গগৈয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।