ব'হাগত বাতিল ইখনৰ পাছত সিখনকৈ বিয়া: গহনা, পাট মুগা শিল্পত মাধমাৰ

 04/18/2020 - 16:23

উৎপল কুমাৰ কলিতা: ব'হাগতে পাতি যাও বিয়া। পিছে এইবাৰ ব'হাগ সেই আগৰ ব'হাগ নহয়। অসমীয়াৰ প্ৰাৰ ব'হাগ, প্ৰেম, প্ৰয়ৰ ব'হাগ। সেয়ে ব'হাগত বিহুৰ লগতে আহে বিয়াৰ ধুম। সাত বিহুৰ পাছতে উঠে বিয়াৰ ধুম। আচলতে অসমীয়াৰ বাবে বিয়া মানে ব'হাগ।

এইবাৰ ব'হাগত যদিও পঞ্জিকাত পাচটা দিন বিয়াৰ আছিল তথাপি প্ৰতিটো দিনতে বিয়াৰ আছিল আয়োজন। বহুতে ধাৰনা কৰিছিল ব'হাগৰ প্ৰথম দিনটোত লকডাউন শেষ হ'ব বিয়াৰ বাবে প্ৰস্তুত হ'ব। কিন্তু নহল। বিহুৰ দৰে বিয়াও বাতিল হ'ল। এখনৰ পাছত এখন বিয়া বাতিল। বহুতে দিন বাৰ থিক কৰি নিমন্ত্ৰণী পত্ৰ ছপাইছিল, কোনো কোনোৱে নিমন্ত্ৰণো আৰম্ভ কৰিছিল। বিয়াৰ যাবতীয় সামগ্ৰীৰ অৰ্ডাৰ কৰাও হৈছিল।

আনকি ৰভা দিয়া কামো আৰম্ভ কৰিছিল কিছুমানে। পিছে সকলো পণ্ড হ'ল। ১৭ ব'হাগলৈ থাকিব লকডাউন। তাৰ পাছতো কেতিয়ালৈ বিয়া, সভা পাতি মানুহ লগ হ'ব পৰা পৰিবেশ আহে আশা ক্ষী। সেয়ে ব'হাগৰ প্ৰায়ভাগ বিয়া অনিৰ্দিষ্ট কাললৈ স্হগিত। পৰৱৰ্তী তাৰিখ থিক কৰিবলৈ কোনেও সাহস গোটাব পৰা নাই।

ক'ৰণাৰ ত্ৰাসত সকলো অসাৰ। বিয়াৰ মাহ ব'হাগত এইবাৰ অসমত বিয়া নাই। ইফালে বিয়াৰ বতৰ ব'হাগ মাহটো স্বৰ্ণ শিল্পী, পাত মুগা ব্যৱসায়, ফাৰ্নিচাৰ ব্যৱসায়, টেন্ট হাউচ আদিৰ বাবে অধিক ব্যৱসায়ৰ সময় যদিও তেওঁলোকৰ মুৰটো পৰিল প্ৰচণ্ড আঘাট। বিহুবিহীন অসমত এইবাৰ কোনেও ক'ব নোৱাৰিলে বহাগতে পাতি যাম বিয়া।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।