দেশৰ ক'ৰণা মু্ক্ত ৰাজ্য ছিকিম: কেনেকৈ কৰিলে মহাকালক প্ৰতিৰোধ

 04/18/2020 - 16:37

উৎপল কুমাৰ কলিতা: সমগ্ৰ ভাৰতবৰ্ষ এতিয়া কালৰূপী ক'ৰণাৰ কৰাল গ্ৰাসত। ৩১ জানুৱাৰীত দেশত প্ৰথম ক'ৰণা আক্ৰান্ত ধৰা পৰাৰ পাছত বাতৰি যুগুতোৱা পৰলৈ আক্ৰান্তৰ সংখ্যা ১৪,৩৫২ হৈছে। মৃতকৰ সংখ্যা ৪৮৬। দেশৰ প্ৰায়বোৰ ৰাজ্য এতিয়া ক'ৰণাৰ প্ৰভাবত। উত্তৰ পূৰ্বাঞ্চললৈ ক'ৰণা সংক্ৰমণ দেশৰ বাকী অংশতকৈ কিছু দেৰি হয় আৰু আক্ৰান্তৰ সংখ্যা কম যদিও বৰ্তমান অসমকে ধৰি বাকী সাতভনী ক'ৰণাৰ ৰঙা মানচিত্ৰত সোমাই পৰিল।

কিন্তু তাৰ মাজতো দেশৰ ক'ৰণাই স্পৰ্শ নকৰা ৰাজ্যখন হ'ল উত্তৰ পূৰ্বাঞ্চলৰ ছিকিম। বৰ্তমানলৈ ছিকিমক স্পৰ্শ কৰা নাই মহাঘাটক ক'ৰণাই। প্ৰকৃতিৰ ভূস্বৰ্গ যথেষ্ট সংখ্যক দেশী বিদেশী পৰ্যটকে গিজগিজাই থকা ছিকিমে কেনেকৈ নিজকে ক'ৰণাৰ পৰা মুক্ত কৰি ৰাখিলে?

আচলতে এই ক্ষেত্ৰত ছিকিম চৰকাৰৰ গুৰুত্বপূৰ্ণ সময়োচিত পদক্ষেপে বহু পৰিমানে কাম দিলে ছিকিমক ক'ৰণা মু্ক্ত কৰি ৰখাত। দেশত ক'ৰণাৰ প্ৰভাব নপৰোতেই দেশৰ বাকী ৰাজ্যই ক'ৰণাৰ কথা নাভাবোতেই ছিকিমে আৰম্ভ কৰিছিল ক'ৰণা বিৰোধী যুঁজ। দেশত ৩১ জানুৱাৰীত প্ৰথম কেৰেলাত ক'ৰণা ধৰা পৰিছিল।

কিন্তু প্ৰায় ২৬ জানুৱাৰীৰ পৰাই একপ্ৰকাৰ ৰাজ্যৰ সীমা চীল কৰিছিল ছিকিমে। ৰাজ্যলৈ সোমোৱা প্ৰতিজন লোকক তেতিয়াৰ পৰাই নজৰত ৰাখিছিল চৰকাৰে। দেশত ক'ৰণা সংক্ৰমণ আৰম্ভ নহওতেই জানুৱাৰীৰ শেষ সপ্তাহৰ পৰা ৰাজ্যখনত বিয়া, সভা, ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰা হৈছিল আৰু জনসমাগম নহবলৈ কঠোৰ পদক্ষেপ লোৱা হৈছিল। ইয়াৰ পাছত মানুহৰ ট্ৰেভেল হিষ্ট্ৰিৰ ওপৰত নজৰ দি অকনমান সন্দেহ হ'লেই চেল্ফ আইচলেচন বা চৰকাৰী কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছিল।

৫ মাৰ্চৰ পৰা পৰ্যটন ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য খনে বিদেশী পৰ্যটকক ৰাজ্যখনত প্ৰবেশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে। আনহাতে ভাৰতত লকডাউন দিয়া হৈছিল ২৪ মাৰ্চৰ পৰা কিন্তু ১৭ মাৰ্চৰ পৰাই ছিকিমক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ প্ৰতিজন নাগৰিকক চেল্ফ কোৱাৰেণ্টাইন হ'বলৈ নিৰ্দেশ দিয়া হৈছিল।

২৪ মাৰ্চৰ পৰা আজিলৈ ছিকিমত কঠোৰভাবে বলবৎ কৰা হৈছে লকডাউন। ভাৰতৰ অন্য ৰাজ্যতকৈ সকলো ক্ষেত্ৰতে আগতীয়াকৈ ব্যৱস্থা গ্ৰহন কৰি আজি ক'ৰণা মু্ক্ত ৰাজ্য হিচাপে থিয় দিব পাৰিলে ছিকিমে। এই ক্ষেত্ৰত ছিকিম চৰকাৰৰ পদক্ষেপ সচাকৈ আদৰণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।