চৰকাৰে দুখীয়া পৰিয়ালক যোগান ধৰা ১০০০ টকাৰ ব্যাপক অনিয়ম

 04/18/2020 - 18:48

বিজনীলকডাউনৰ সময়ত বিশেষকৈ খাদ্য সংকটত ভোগা ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে ১০০০ টকাৰ পেকেজ প্ৰদান কৰিছে যদিও ভিচিডিচি আৰু গাঁৱৰ মেম্বাৰে ব্যাপক অনিয়ম সংগঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

চিৰাং জিলাৰ জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আলুখুন্দা ভিচিডিচিৰ অন্তৰ্গত বৌপাৰা গাঁৱত GRS আৰু মেম্বাৰে ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক ১০০০ টকাকৈ বিতৰন কৰাৰ পৰিৱৰ্তে ৰেচন কাৰ্ড থকাসকলৰ মাজতহে বিতৰন কৰাৰ অভিযোগ উত্থাপন হৈছে

প্ৰতিজন ব্যক্তিৰ পৰা ৪০-৫০ টকাকৈ লোৱাৰ অভিযোগ উত্থাপিত হৈছে মেম্বাৰৰ বিৰুদ্ধে। ইয়াকলৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ৰাইজে লকডাউনৰ সময়তে বাহিৰ লৈ ওলাই আহি GRS আৰু মেম্বাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.