বৰপেটা: প্ৰতিবছৰৰ দৰে এইবেলিও ভেল্লা আঞ্চলিক গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ উদ্যোগত অসমৰ বাপতি সাহোন ৰঙালী বিহু যোৱা ২৭ এপ্ৰিলত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অতি জাকজমকতাৰে উদযাপন কৰা হয়। ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপিত পঞ্চম বাৰ্ষিক ৰঙালী বিহুত ৰাতিপুৱা ৯•৩০ বজাত সংগঠনটোৰ পতাকা উত্তোলন কৰে বৰপেটা জিলা সমিতিৰ সভাপতি আতিকুল হকে। ১০ বজাত মুকলি বিহু প্ৰদৰ্শন কৰা হয়। ১১ বজাত সমাজসেৱক নুৰ ইছলামৰ দ্বাৰা বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়।
আবেলি ৩ বজাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিয়লি ৫ বজাত যুৱ সমাজকৰ্মী আব্বাচুজ জামানে বিহু মঞ্চৰ দ্বাৰ মুকলি কৰে। সন্ধিয়া ৭ বজাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা বিতৰণ কৰা হয়।
উল্লেখযোগ্য যে ভেল্লা আঞ্চলিক গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈ অহা ৰঙালী বিহুত এইবেলি পঞ্চম বাৰ্ষিক ৰঙালী বিহু উপলক্ষে প্ৰথমবাৰৰ বাবে সাংবাদিক চাইজুৰ ৰহমানৰ সম্পাদনাত প্ৰকাশিত "সংগ্ৰাম" নামৰ এখনি স্মৃতিগ্ৰন্থ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয়তা পৰিষদৰ কেন্দ্ৰীয় সাধৰণ সম্পাদক আজিজুল ৰহমানে আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
নিশা বহুকেইটা বিহুৱা দলে হুচৰি আৰু বিহুনাচ প্ৰদৰ্শন কৰে। অঞ্চলটোৰ কেইবাহাজাৰ বিহুপ্ৰেমী লোক উপস্থিত থকা ৰঙালী বিহু অনুষ্ঠানত নিশা জনপ্ৰিয় কন্ঠশিল্পী মৃদুল শইকীয়া, নিশা ৰাণী আৰু কিমি বৈশ্যৰ মনোমোহা সাংস্কৃতিক অনুষ্ঠানে উপস্থিত সকলকে আপ্লুত কৰে।
অনুষ্ঠান শৃংখলাবদ্ধ আৰু সুকলমে পাৰ হোৱাৰ বাবে বিহুপ্ৰেমী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে ভেল্লা আঞ্চলিক গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি চাজিদুৰ ৰহমান (ৰাণা) আৰু সাধাৰণ সম্পাদক আজিজ আহমেদে (চুনু)।