এটা উচুপনিৰ বিহুগীত বন্দী বিতু সোনোৱালৰ পিতৃৰ: বিহুত বিচনাত কান্দিছে অখিল গগৈৰ মাতৃ

 04/20/2020 - 14:33

উৎপল কুমাৰ কলিতা: প্ৰতিজন বিবেকবান লোকৰ অন্তৰ চুই যোৱা, কলিজা কপোৱা, চকুলো নিগৰোৱা এটা বিহু। জাতিটোৰ বাবে ৰাজপথলৈ গৈ বন্দী পুত্ৰ। মাকে কান্দি কান্দি বিহুত সুধিছে বিতু কেতিয়া আহিব। পিতৃৰ উত্তৰ নাই। কৈছে এনেয়ে বিহুৰ পাছত আহিব। আৰু তাকেই প্ৰকাশ কৰিছে কাৰাৰুদ্ধ ছাত্ৰ নেতা বিতু সোণোৱালৰ পিতৃয়ে এক চকুলোৰে ভৰা বিহুৰে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই চৰকাৰে পোতাশালত নানা ষড়যন্ত্ৰ কৰি ভুৱা গোচৰৰে বন্দী কৰি ৰাখিছে ছাত্ৰ নেতা বিতু সোণোৱালক। ভোগালী গ'ল, হেঁপাহৰ ৰঙালী যাবৰ হ'ল কিন্তু লৰাটোক মুকলি কৰি দিয়া নহ'ল। উচ্চতম ন্যায়ালয়ে ক'ৰণাৰ ভয়াবহতাৰ বাবে সকলো বিচাৰাধীন কাৰাবন্দীক মুক্তি দিব কোৱাৰ পাছত অসমতো বহু বন্দী মুক্তি দিয়া হ'ল। কিন্তু নহ'ল কা বিৰোধী আন্দোলনৰ বন্দীসকলক।

বাৰম্বাৰ চক্ৰান্তমূলক ভাবে তেওঁলোকৰ বাহিৰলৈ লাভ পৰা প্ৰয়াস ৰুদ্ধ কৰাত নামিল চৰকাৰ। বিহুৰ সময়ত কাৰাবন্দী ছাত্ৰ নেতা বিতু সোনোৱালৰ পিতৃৰ সেয়ে এয়া হিয়াভগা বিহুগীত। এজন পিতৃৰ এয়া বিহু নহয় যেন বুকু ভঙা আৰ্তনাদ। একেই দৃশ্য কৃষক নেতা অখিল গগৈৰ মাতৃৰ।

কেবাটাও ৰোগত শয্যাশায়ী মাতৃৰ আশা আছিল ল'ৰাটো বিহুত ঘৰলৈ আহিব। তেওঁৰ চিকিৎসা কৰিব। কিন্তু নাই নাহিল। ৰজাঘৰীয়া ষড়যন্ত্ৰত বাহিৰলৈ আহিব নোৱাৰিলে সংগ্ৰামী পুত্ৰ। সেয়ে বিহুত উচুপি উঠিছে অখিল গগৈৰ মাতৃ। এইদৰে কোনোবা পিতৃ, কোনোবা মাতৃৰ তপ্ত হুমুনিয়াহ বুকুভঙা কান্দোন ৰজাঘৰে নুশুনে।

কিন্তু এইবোৰ হয়টো হৈ পৰিব ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে একোটা বৃহৎ শাওপাত। এই শাওপাতে এদিন উঠাই নিব ষড়যন্ত্ৰকাৰীকো। বিনা কাৰণত দিয়া প্ৰতিটো আঘাতৰ ভৰিব লাগিব দাম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।