ৰামপুৰত সুলভ মূল্যৰ চোৰাং চাউল জব্দ

 04/28/2019 - 20:24

কলগাছিয়া: ৰাজ্যত অব্যাহত আছে চোৰাং চাউলৰ বেহা। চোৰাং চাউলৰ ব্যৱসায়ীয়ে সলনি কৰিছে চোৰাং চাউল সৰবৰাহৰ পদ্ধতি। চৰকাৰে যোগান ধৰা চাউলৰ বস্তাৰ বিপৰীতে এইবাৰ চিমেণ্টৰ বস্তা ব্যৱহাৰ কৰা আৰম্ভ কৰিছে চোৰাং চাউল ব্যৱসায়ীয়ে।

চিমেণ্ট বা অন্য বস্তা ব্যৱহাৰ কৰি বজাৰৰ পৰা চাউল কিনা দেখুৱায় চোৰাং ব্যৱসায়ীয়ে। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰত আজি সুলভ মূল্যৰ চোৰাং চাউলসহ AS 15C 9047 নম্বৰৰ এখন মহিন্দ্ৰ চোটা হাতী গাড়ী জব্দ কৰা ঘটনাই ৰামপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আব্দুল মালেক নামৰ এজন চোৰাং চাউলৰ ব্যৱসায়ীয়ে কলগাছিয়াৰ পৰা মইনবড়িলৈ গৈ থকা অৱস্থাত জব্দ কৰে। গাড়ীখনত ১০ কুইণ্টল সুলভ মূল্যৰ চোৰাং চাউল থকা বুলি ব্যৱসায়ীজনে জানিবলৈ দিয়ে। পিছত চাউলখিনি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা আৰক্ষীক গতাই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।