শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড

 04/28/2019 - 20:55

শিৱসাগৰ: শিৱসাগৰ জিলাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। কিছু সময়ৰ পূৰ্বে জুই লাগে শিৱসাগৰৰ ভটিয়াপাৰৰ অশোক লিলেণ্ড ডিলাৰত।

জুইৰ লেলিহান শিখাই ভয়ংকৰ ৰূপ লয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কেইবাখনো বাহন ইতিমধ্যে জুইত জাহ গৈছে। জুই নিয়ন্ত্ৰণ কৰাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা অব্যাহত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।