ভয়ংকৰ ৰূপত সাম্প্ৰদায়িকতা: চিকিৎসালয়ে প্ৰচাৰ কৰিলে মুছলমানক চিকিৎসা নকৰাৰ বিজ্ঞাপন

 04/20/2020 - 19:12

উৎপল কুমাৰ কলিতা: দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ কেবাজনো জামাতী কভিড নাইটিনত আক্ৰান্ত হোৱাৰ পাছত সমগ্ৰ দেশতে কিছুমান উৰা বাতৰিৰ প্ৰভাব পৰিছে। দেশৰ এখন আগশাৰীৰ চিকিৎসালয়ে এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকতত বিজ্ঞাপন দি নিষেধ কৰিলে মুছলমান ৰোগীৰ চিকিৎসা। এইখন উত্তৰ প্ৰদেশৰ ভেলেন্টাইচ কেঞ্চাৰ হাস্পতাল।

হাস্পতাল খনে শেহতীয়াকৈ দৈনিক জনচট্টা নামৰ ৰাষ্ট্ৰীয় কাকতখনত বিজ্ঞাপন দি নিষিদ্ধ কৰিলে মুছলমান ৰোগীৰ চিকিৎসা। চিকিৎসালয় খনে প্ৰকাশ কৰা মতে মুছলমান ৰোগীয়ে লগত ক'ৰণা সংক্ৰমন নোহোৱা প্ৰমাণ পত্ৰ নিলেহে চিকিৎসালয়ত ভৰ্তি কৰা হ'ব। এই লৈ সমগ্ৰ দেশতে সৃষ্টি হৈছে ব্যপক প্ৰতিক্ৰিয়াৰ। ছ'চিয়েল মিডিয়াত বন্ধ হৈছে যদিও জামাতী সকলে থু দি ক'ৰণা বিয়পাব বুলি বিভিন্ন উৰাবাতৰি মুখে মুখে এচামে বিয়পাই থকাত হাৰাশাস্তিৰ সন্মুখীন হৈছে বিভিন্ন মুছলমান ধৰ্মালম্বী ক্ষুদ্ৰ ব্যৱসায়ী, কৃষক।

বহু স্হানত মুছলমান বুলি গম পালেই খেদি পঠোৱা, সোমাব নিদিয়াৰ দৰে ঘটনা ঘটিছে। খোদ ৰাজধানী নতুন দিল্লীতে ফলমূল, পাচলি বিক্ৰী কৰা মুছলমান সম্প্ৰদায়ৰ লোকৰ পৰা বহুতে সামগ্ৰী ক্ৰয় নকৰাৰ বাতৰি প্ৰচাৰিত হৈছে। শাক পাচলি, ফলমূল, চিকিৎসালয় সকলোতে বিয়পি পৰিছে ভয়ংকৰ সাম্প্ৰদায়িক ভাইৰাছ। স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোগৰ কোনো ধৰ্ম, সম্প্ৰদায় নাই বুলি বাৰম্বাৰ ৰাইজক আস্বস্ত কৰিব বিচৰাৰ পাছতো যেন এচামে উৰা বাতৰি বিয়পাই থকাত পৰিবেশ সলনি হোৱা নাই।

এটা মাৰ্কাজ সমবেত মানুহে ৰোগত আক্ৰান্ত হোৱা বা তাৰে কোনোবাই অসভ্যালি কৰা মানে এটা সম্প্ৰদায় কেতিয়াও ৰোগৰ বাহক হ'ব নোৱাৰে। চৰকাৰীভাবে ক'ৰণা ভাইৰাছৰ সমান্তৰালভাবে এই সাম্প্ৰদায়িক ভাইৰাছ নিৰ্মূল কৰাৰ প্ৰয়াস নললে ই গুৰুতৰ সমস্যাৰ সৃষ্টি হোৱাটো নিশ্চিত। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।