দিছপুৰ প্ৰেছ ক্লাবত গল্প আৰু কবিতা পুথি উন্মোচন

 04/29/2019 - 12:41

গুৱাহাটীঃ দিছপুৰ প্ৰেছ ক্লাবত মণিপুৰী সাহিত্য সভাৰ সভাপতি দিলস্ লক্ষ্মীন্দৰ সিংহৰ গল্প পুথি 'মুনি থাপ্পা' আৰু ৰানু দাসৰ কবিতা পুথি উন্মোচন কৰা হয়।

উন্মোচন কৰে বিশিষ্ট সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই। সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ভৱেশ দাস। গ্ৰন্থ দুখন প্ৰকাশ কৰে পৰাগজ্যোতি প্ৰকাশনে।

অনুষ্ঠানটোৰ আঁত ধৰে দীপক শৰ্মাই।এই গ্ৰন্থ উন্মোচনী সভাত বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।