কেৰাটেত সোণৰ পদক অৰ্জন কৰি উজ্বলিল চান্দনী খাতুন

 04/29/2019 - 12:50

ওদালগুৰিঃ নিজ প্ৰতিভা বিকাশত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। হাজাৰ বাধা-বিঘিনি আহিলেও লক্ষ্য যদি স্থিৰ হয় তেন্তে বিজয় নিশ্চিত। সেই কথাকে প্ৰমাণ কৰিলে খেলুৱৈ চান্দনী খাতুনে।

অতি দৰিদ্ৰ পৰিয়ালৰ চান্দনী খাতুনে উত্তৰ প্ৰদেশৰ চাহৰণপুৰত অনুষ্ঠিত  হোৱা দ্বিতীয়  আন্ত:ৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বীপৰ ৪৫ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

এইবাৰৰ সৈতে চান্দনীয়ে মুঠ ৯ বাৰ সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ওদালগুৰি জিলাৰ মাজবাটৰ খাৰুৱালাৰ কন্যা চান্দনী খাতুনৰ সফলতাত মাজবাটবাসী ৰাইজৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।