ওৰাঙত ৪১ সংখ্যক ওৰাং কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহৰ আয়োজন

 04/29/2019 - 13:04

ওৰাংঃ ওদালগুৰি জিলাৰ পূব প্ৰান্তৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি তথা জনগোষ্ঠীয় কলা সংস্কৃতিৰে ভৰপূৰ।

ওৰাঙৰ লক্ষী মন্দিৰ প্ৰাঙ্গণত ওৰাংবাসী ৰাইজৰ উদ্যোগত অহা ১৯ আৰু ২০ বহাগ ইংৰাজীৰ ৩ আৰু ৪ মেত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৪১ সংখ্যক ওৰাং কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহ অনুষ্ঠিত হ’ব। যোৱা ১ বহাগৰ পুৱাৰ পৰাই এই অনুষ্ঠান আৰম্ভ হৈছে।

বিহু সমাৰোহলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত যথেষ্ট ব্যস্ততা দেখা গৈছে উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ মাজত। জয়ৰাম বৰাক সভাপতি, ৰাজীৱ শৰ্মা আৰু অনন্ত ডেকাক যুটীয়া সম্পাদক হিচাপে লৈ ওৰাংবাসী ৰাইজৰ সহযোগত উদযাপন সমিতি গঠন কৰা হৈছে।

১৯ বহাগ ৩ মে’ তাৰিখে আবেলি ৩ বজাত অনুষ্ঠিত হ’ব সৰু বিহুৱতী প্ৰতিযোগিতা। একেদিনাই আবেলি ছয় বজাত অনুষ্ঠিত হ’ব মুকলি বিহু প্ৰতিযোগিতা। মুকলি বিহু প্ৰতিযোগিতাৰ দ্বাৰ উন্মোচন কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই আৰু ২০ বহাগ ৪ মে’ত আবেলি ৫ বজাত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিব বি টি চি পৰিষদৰ কাৰ্য্যবাহী সদস্য অলিন্দ্ৰ কুমাৰ মোছাহাৰীয়ে।

সন্ধিয়া ছয় বজাত অনুষ্ঠিত হ’ব দাতাসকলৰ সম্বৰ্দ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠান। নিশা ৮ বজাত অনুষ্ঠিত হ’ব সাংস্কৃতিক সন্ধিয়া। বিহু সমাৰোহখনিৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ হ’ল কন্ঠশিল্পী দীপলিনা ডেকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।