দু:সময়ত আপোনাৰ হৃদয় জুৰ পেলাব পৰা এক দৃশ্য: মুম্বাইত গোলাপী দলিচা সৃষ্টি কৰিলে পৰিভ্ৰমী পক্ষী

 04/21/2020 - 16:51

উৎপল কুমাৰ কলিতা: নয়নাভিৰাম। এক হৃদয় জুৰ পেলোৱা দৃশ্য। হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ এক মনিব নোৱাৰা গোলাপী দলিচা। এই দৃশ্য মুম্বাইৰ। সপোন নগৰী মুম্বাই এতিয়া স্তব্ধ। দেশত ক'ৰণাৰ অন্যতম হটস্পট মুম্বাই। মায়ানগৰী এতিয়া নিস্তব্ধ। লকডাউনত আৱদ্ধ মানুহ আৰু তাৰ বিপৰীতে হাজাৰ হাজাৰ পৰিভ্ৰমী ফ্লেমিঙ্গো চৰাই গোলাপী কৰি তুলিছে মুম্বাই।

পূৰ্বতেও মুম্বাইলৈ ফ্লেমিঙ্গো আহিছিল যদিও কিছু বছৰৰ পৰা ভয়াবহ প্ৰদূষণ আৰু মানুহৰ পৰিবেশৰ ওপৰত চলা অত্যাচাৰৰ বাবে কমি গৈছিল ফ্লেমিঙ্গোৰ আগমন। কিন্তু এইবাৰ পৰিবেশ সুকীয়া। সমগ্ৰ মুম্বাই লকডাউনৰ বাবে নিস্তব্ধ। ব্যস্ত মায়া নগৰীৰৰ মানুহ আজি বন্দী স্বগৃহত। আৰু মুক্ত বিহংগৰ হৈ পৰিছে মুম্বাইৰ আকাশ মাটি। এইবাৰ নাই প্ৰদূষণ নাই মানুহৰ চিঞৰ, গাড়ী মটৰৰ শব্দ। সেয়ে হাজাৰ হাজাৰ ফ্লেমিঙ্গোৰে ভৰিছে মুম্বাই।

বিশ্বৰ অন্যতম ধুনীয়া পক্ষী হিচাপে চিহ্নিত ফ্লেমিঙ্গোৰ জাকে সৃষ্টি কৰিছে সপোন চহৰত মায়াময় সপোন যেন লগা দৃশ্য। শান্ত হৈ পৰা প্ৰকৃতিৰ কোলাত সাগৰৰ দৰে সীমাহীন ৰঙা দলিচা পাৰি দিছে গোলাপী বিহগবোৰো। খিৰিকিৰে বন্দী মানুহে সেই দৃশ্য চাই অবাক, অভিভূত হৈ পৰিছে।

সচাকৈ যেন এই সময় মানুহৰ দু: সময় পশু পক্ষীৰ সময় এয়া। এয়া যেন অন্য এক মায়াময় পৃথিৱী। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।