পূৰ্বৰে চিনাকি লোকৰ দ্বাৰা যুৱতীক দলবদ্ধ ধৰ্ষণ

 04/29/2019 - 13:51

কোকৰাঝাৰঃ কোকৰাঝাৰৰ টেঙা পাৰা গাঁৱৰ এগৰাকী যুৱতী বলি হৈছে দলবদ্ধ ধৰ্ষণৰ। বাৰিবাৰী পিয়াজবাৰী সাধুভাষা অঞ্চলৰ সদাগৰ আলী আৰু আলাউদ্দিন নামৰ দুজন লম্পটে যুৱতীগৰাকীক নিজা গাড়ীৰে ঘৰৰ পৰা লৈ আহে আৰু আন এগৰাকী যুৱকক লগত লৈ সাধুভাষা মৰা টিপকাই নৈৰ বালিময় স্থানত গােটেই নিশা উপৰ্যুপৰি দলবদ্ধ ভাৱে ধর্ষণ কৰি অচেতন অৱস্থাত পেলাই থৈ যায়।

ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাত আমছু'ৰ যুৱকসকলে যুৱতীগৰাকীক উদ্ধাৰ কৰি আটানী আৰক্ষী চকীত চমজাই দিয়ে। আটানী আৰক্ষী বিষয়াই যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰােৱাই সােধপােছৰ অন্তত কোকৰাঝাৰ আৰক্ষী থানাত গােচৰ দিয়াৰ পৰামৰ্শ আগবঢ়ায় যদিও অভিযুক্ত পক্ষই ধর্ষিতাক একাধিকবাৰ প্রাণনাশৰ ভাবুকি প্রদান কৰাত তাই গােচৰ দিয়াৰ ক্ষেত্ৰত সাহস গােটাব নোৱাৰি থমকি ৰয়।

উল্লেখ্য যে যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ পূৰ্বৰে পৰা চা-চিনাকী আছিল। সেই সূত্রে সদাগৰ আলীৰ ঘৰত বিশেষ কাম থকা বুলি যুৱতীজনীক নিমন্ত্রণ কৰি লৈ আনি এই জঘন্য কাণ্ড সংঘটিত কৰে। ঘটনাটোত বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে তীব্র নিন্দা জনাই দোষীক আটক কৰি মৃত্যুদণ্ডৰ দাবী তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।