ৰঙিয়াত সহকৰ্মীৰ প্ৰহাৰত মৃত্যু গৃহৰক্ষী জোৱানৰঃ মৃতদেহ লৈ ৰঙিয়া থানা ঘেৰাও

 04/29/2019 - 14:12

ৰঙিয়াঃ ৰঙিয়া মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত মজিবুৰ ৰহমান(৫৫)নামৰ এজন গৃহৰক্ষী বাহিনীৰ জোৱানে সহকৰ্মীৰ নিৰ্বিচাৰ প্ৰহাৰত অকাল মৃত্যুক সাৱটি লয়৷

জি এম চি হস্পিতালৰ আই চি ইউত মৃত্যুক সাৱটি লোৱা গৃহৰক্ষী বাহিনী জোৱান জনৰ ঘৰ গোৰেশ্বৰৰ সমীপৰ গাছবাৰীত৷ প্ৰাপ্ত অভিযোগ অনুসৰি ৰঙিয়াৰ চিৰাখুন্দিত অৱস্থিত ৰঙিয়া মহকুমাৰ মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়ত পৰহি দুই গৃহৰক্ষী মজিবৰ ৰহমান আৰু উৎপল হুজুৰীৰ কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হয়৷

অভিযোগ অনুসৰি মহকুমা আৰক্ষী বিষয়াৰ গাড়ী চালকৰূপে কৰ্মৰত উৎপল হুজুৰীয়ে কাজিয়াৰ মাজতে মজিবুৰ ৰহমানক শাৰীৰিকভাৱে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে৷ সহকৰ্মী গৃহৰক্ষীৰ প্ৰহাৰত ৰহমান মাটিত ঢলি  পৰে৷ লগে লগে তেওঁক ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে অৱস্থা সংকটজনক দেখি  জি এম চি হস্পিতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷

জি এম চি হস্পিতালত গৃহৰক্ষীজনক আই চি ইউত ভৰ্তি কৰোৱা হয় যদিও কালি আবেলি তেওঁৰ মৃত্যু ঘটে৷ এই মৰ্মান্তিক ঘটনাই সম্প্ৰতি ৰঙিয়াৰ আৰক্ষী মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে৷ এই ঘটনাটোৱে সাধাৰণ ৰাইজৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ আনহাতে হোমগাৰ্ড মজিবৰ ৰহমানৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি আজি তেওঁৰ জন্ম গাওঁ গাছবাৰীৰ পৰা শতাধিক ৰাইজে মজিবুৰ ৰহমানৰ মৃতদেহটো ৰঙিয়া সদৰ থানা লৈ আনি বিভিন্ন দাবীৰ উত্থাপনেৰে থানা চৌহদ উত্তাল কৰি তোলে।

বিশেষকৈ মৃত মজিবুৰ ৰহমানৰ পৰিয়ালক এককালীন সাহায্য, পৰিয়ালৰ এজনক চৰকাৰী চাকৰি, দোষীক উচিত শাস্তি আদিৰ দাবীৰে এক স্মাৰক পত্ৰ প্ৰদান কৰে ৰঙিয়া মহকুমাৰ সহকাৰী আয়ুক্ত কুমাৰ সুৰজিত বৰা, মহকুমা আৰক্ষী বিষয়া কংকন কুমাৰ নাথ,সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাক। অৱশেষত প্ৰতিবাদকাৰী সকল আৰু প্ৰশাসনৰ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈ দাবী সমূহ পূৰণৰ আশ্বাস দিয়ে প্ৰশাসনৰ বিষয়াসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।