ছৈয়দ আব্দুল মালিককো নেৰিলে পৈশাচিক সাম্প্ৰদায়িক শক্তিয়ে: কোন এই ৰূপা ৰাণী ভূঞা

 04/22/2020 - 15:04

উৎপল কুমাৰ কলিতা: বিশ্বৰ সংকটৰ সময়টো অসম মুলুকৰ এচাম পৈশাচিক মনোবৃত্তিৰ মানুহ ব্যস্ত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই পৈশাচীক আনন্দ লাভ কৰাত। এইবাৰ এনে সাম্প্ৰদায়িক মনোবৃত্তিৰ বিকৃত মগজুৰ মানুহে নেৰিলে অসমৰ সুপুত্ৰ স্বনাম ধন্য সাহিত্যিক, পদ্মবিভূষণ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য একাডেমী বিজয়ী কথা শিল্পী ছৈয়দ আব্দুল মালিকক।

'জীৱনে মৰণে মই চিৰদিন অসমীয়া' শীৰ্ষক মালিকৰ কবিতাৰ প্ৰথম কেইশাৰীমান তুলি দি ৰূপা ৰাণী ভূঞা নামৰ বিকৃত মানসিকতাৰ এগৰাকী প্ৰবক্তাই ছ'চিয়েল মিডিয়াত আব্দুল মালিকক মোগলৰ ভক্ত হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰাৰ লগতে প্ৰয়াত সাহিত্যিক গৰাকীৰ বিৰুদ্ধে কিছুমান সাম্প্ৰদায়িক অপমানজনক মন্তব্য কৰে। এই পোষ্টটো তাৰ পাছতে আন কেবাজনো সাম্প্ৰদায়িক ষড়যন্ত্ৰকাৰীয়ে শ্বেয়াৰ কৰে।

 

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক তথা প্ৰবক্তা মঙলদৈ নিবাসী ৰূপী ৰাণী ভূঞাই অসমৰ এগৰাকী মহামানবক এইদৰে সাম্প্ৰদায়িক পৈশাচিক মনোবৃত্তিৰে সমালোচনা কৰাৰ পাছত এতিয়া উত্তাল ছ'চিয়েল মিডিয়া। বিভিন্নজনে ছ'চিয়েল মিডিয়াত এনে গৰ্হিত নিকৃষ্ট কাণ্ডক ধিক্কাৰ দিছে। সকলোৰে এটাই প্ৰশ্ন বিশ্ব মানব সভ্যতা আজি চৰম সংকটত।

মানুহে একত্ৰিত হৈ অচিন ঘাটক অতিমাৰী ক'ৰণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময় এয়া। কিন্তু তাৰ মাজতো অসমত এচাম বিকৃত মগজুৰ মানুহ ব্যস্ত হৈ পৰিছে সাম্প্ৰদায়িক মনোভাব বিয়পাই দিয়াত। যিসকলৰ পৰা হাত সাৰি নগ'ল ছৈয়দ আব্দুল মালিকৰ দৰে সুসন্তানো।

এতিয়া ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ সাম্প্ৰদায়িকতা বিয়পোৱা সকলৰ বিৰুদ্ধে তীক্ষ্ণ নজৰ ৰখা বুলি দাবী কৰা আৰক্ষীয়ে এইগৰাকী সাম্প্ৰদায়িক মনোবৃত্তিৰ মহিলা আৰু পোষ্টটো শ্বেয়াৰ কৰি বিয়পাই দিয়া সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহ কৰে সেয়া হ'ব লক্ষণীয়

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।