04/22/2020 - 15:10
in

চৰাইদেউ: সমগ্ৰ দেশত লকডাউন অব্যাহত থকাৰ সময়মতে চৰাইদেউ জিলা ঐতিহাসিক বৰহাটৰ বিদ্যালয়ৰ সমূহত ছাত্র-ছাত্ৰীক চাউল বিতৰণৰ নামত লকডাউন অমান্য কৰা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে সমগ্ৰ দেশজুৰি চলি থকা ক'ৰণা ভাইৰাছে আতংক সৃষ্টি কৰাত ভাৰতবৰ্ষৰ লগতে অসমতো লকডাউন বলৱত হৈ আছে যদিও অসমৰ কিছুমান জিলাত কিছু শিথিল কৰিছে।
কিন্তু বিদ্যালয়, মহাবিদ্যালয় সমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে। তেনেস্থলত বিদ্যালয়ৰ মধাহ্ন ভোজনৰ চাউল বিতৰণৰ নামত বিদ্যালয়ৰ কৰ্তৃপক্ষই লকডাউন অমান্য কৰি তথা ছাত্র-ছাত্ৰীসকলে সামাজিক দূৰত্ব ৰক্ষা নকৰা পৰিলক্ষিত হৈছে। আনহাতে বৰহাট সাপ্তাহিক বজাৰ পথৰ ওপৰত শাক-পাচলি বিক্ৰী কৰি ভিৰ কৰা পৰিলক্ষিত হৈছে।