দুৰ্নীতিৰ তথ্য দিলে অভিজিৎ শৰ্মাক ৰাজহুৱাকৈ পাটৰ ফুলাম গামোচা পিন্ধামঃ ভৱেশ কলিতা

 04/29/2019 - 16:04

গুৱাহাটীঃ এপিডব্লিউৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ বিৰুদ্ধে অভিযোগ তুলি এক সংবাদ মেলৰ আয়োজন কৰে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই।মন্ত্ৰী কলিতাই কয় এপিডব্লিউৰ অধ্যক্ষ অভিজিৎ শৰ্মাই অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন।

শৰ্মাই জালুকবাৰীৰ যি তিনিটা স্কীমৰ কথা কৈছে গোটেই কেইটা ২০১৪-১৫ৰ। স্কীম কেইটাৰ বাবে টকা এতিয়াহে আহিছে। কেন্দ্ৰই ৯০ কোটি টকা আৱণ্টন দিছে।নিৰ্বাচনী অধিসূচনা থকাৰ বাবে ধন মুকলি কৰি দিব পৰা নাই।

স্কীম কেইটাত কোনো দুৰ্নীতি হোৱা নাই। মোৰ কোনো ল'ৰা খুলশালী নাই।মোৰ বিভাগত নিযুক্তিও হ'ব দুৰ্নীতিমুক্ত।দুই বজাৰ ভিতৰত ৰাজহুৱা কৰক দুৰ্নীতিৰ প্ৰমান।দুৰ্নীতিৰ তথ্য দিব পাৰিলে শৰ্মাক মই ৰাজহুৱাকৈ পাটৰ ফুলাম গামোচা পিন্ধাম।

ইয়াৰ উপৰিও আৰএছএছ-এ মানুহ নিৰ্মাণ কৰে কিন্তু অভিজিৎ শৰ্মাই আৰএছএছক বদনাম কৰিছে বুলি কোৱাৰ লগতে অভিজিৎ শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ কথাও কয় ভৱেশ কলিতাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।