বিশ্ব ৰিলেত ভাৰতক প্ৰতিনিধিত্ব কৰিব হিমা দাসে

 04/29/2019 - 16:29

গুৱাহাটীঃ ধিং এক্সপ্ৰেছ হিমা দাসে পুনৰ ক্ৰীড়াজগতত বিশ্ব ৰিলেত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

ইতিমধ্য সমাপ্তি হোৱা এছিয়ান এথলেটিক চেম্পিয়নশ্বিপত ৪০০ মিটাৰ ৰিলেত অংশগ্ৰহণ কৰি হিমাই কিছু শাৰীৰিক অসুস্থতাত ভূগিছিল।

১১মে’ত জাপানৰ ইঅক'হামাত অনুষ্ঠিত হ’ব লগা বিশ্ব ৰিলে প্ৰতিযোগিতাৰ ভাৰতীয় খেলুৱৈৰ দলত অন্তৰ্ভূক্ত হৈছে হিমা দাস।

এছিয়ান এথলেটিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ পাছতে এথলেটিক ফেডাৰেশ্বন অৱ ইণ্ডিয়াই পুৰুষ আৰু মহিলাৰ দলটো নিৰ্বাচন কৰে বিশ্ব ৰেলীলৈ। মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণ নায়েৰে কয় যে হিমা দাস বিশ্ব ৰীললৈ সম্পূৰ্ণ সুস্থ হৈ উঠিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।