সাংবাদিক অৰ্ণৱ গোস্বামীক আক্ৰমণ দুৰ্বৃত্তৰ

 04/23/2020 - 13:10

ডিজিটেল ডেস্ক: জ্যেষ্ঠ সাংবাদিক অসম সন্তান অৰ্ণৱ গোস্বামীক আক্ৰমণ দুৰ্বৃত্তৰ। বুধবাৰে নিশা প্ৰায় ১ বজাত কাৰ্যালয়ৰ পৰা নিজ ঘৰলৈ উভতাৰ পথত বাইক আৰোহী দুজন দুৰ্বৃত্তই আক্ৰমণ কৰে সাংবাদিকগৰাকীক।সাংবাদিকগৰাকীয়ে পিছত ঘটনা সন্দৰ্ভত চ'চিয়েল মিডিয়াযোগে অভিযোগ কৰে যে তেওঁৰ এই আক্ৰমণত কংগ্ৰেছৰ লোক জড়িত হৈ আছে।উল্লেখ্য যে এই আক্ৰমণৰ সময়ত সাংবাদিকগৰাকীৰ পত্নীও তেওঁৰ লগত আছিল।ঘটনা সন্দৰ্ভত সাংবাদিকগৰাকীয়ে মুম্বাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।