এক লিটাৰ পেট্ৰলত ৪৫ টকাৰ কৰ: বিশ্ব বজাৰত পানীৰ দামত, অসমত ক্ৰয় ক্ষমতাৰ বাহিৰত

 04/23/2020 - 13:39

উৎপল কুমাৰ কলিতা: এক লিটাৰৰ পানীৰ বটল এটা আপুনি কিমান দামত কিনে? নিশ্চয় ২০ টকা। পিচে সম্প্ৰতি ক'ৰণা আক্ৰান্ত বিশ্বত দেশে দেশে লকডাউনৰ প্ৰভাৱত ব্যাপক হাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাত ১ লিটাৰ পানীতকৈ কম ১ লিটাৰ পেট্ৰল-ডিজেলৰ মূল্য। পিছে আমাৰ অসম মুলুকৰ কথা সুকীয়া। বিশ্বত যিটো বস্তুৰ দাম পানীতকৈ কম অসমত সেইটো বস্তুৰ দামে বাঢ়িল। যেতিয়া অসমত বিভিন্ন ধৰ্মীয় অনুষ্ঠান চৰকাৰী ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি পতা হৈছিল তেতিয়া চৰকাৰে কৈছিল ৰাজ্যৰ অৰ্থনীতি সুস্থিৰ।

কিন্ত সেই সুস্থিৰ অৰ্থনীতি এতিয়া হেনো অস্থিৰ। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই ধন। সেয়ে ক'ৰণা কালৰ বৃহৎ মাধমাৰ সাধাৰণ জনতাৰ ওপৰত। বুধবাৰৰ পৰা অসমত প্ৰ্তি লিটাৰ পেট্ৰলৰ ৫ টকা ৯১ পইচা অৰ্থাৎ প্ৰায় ছয় টকা আৰু ডিজেল লিটাৰত ৫ টকা ৫৯ পইচা অতিৰিক্ত কৰ আৰোপ কৰিলে অসম চৰকাৰে। বুধবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰলৰ দাম হ'ল ৭৭ টকা ৯৫ পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হল ৭০ টকা ৯৮ পইচা।

তাৎপৰ্যপূৰ্ণ কথাটো হ'ল এক লিটাৰ তেলৰ বাবদ ৪৫ টকা কৰ জনসাধাৰণৰ পৰা আদায় কৰা ভাৰত একমাত্ৰ দেশ। এতিয়া এক লিটাৰ পেট্ৰলৰ বাবে আপুনি কেন্দ্ৰ চৰকাৰক ২২ টকা ৯৮ পইচা আৰু ৰাজ্য চৰকাৰক ২২ টকা ২৩ পইচা অৰ্থাৎ মুঠ ৪৫ টকা ২১ পইচা কৰ দিব লাগিব। একেদৰে ডিজেলৰ লিটাৰত কেন্দ্ৰীয় চৰকাৰক ১৮ টকা ৮৩ পইচা আৰু ৰাজ্য চৰকাৰক ১৭ টকা ৮০ পইচা মুঠ ৩৬ টকা ৬৩ পইচা কৰ দিব লাগিব। এয়াই আমাৰ জনদৰদী, কল্যাণকামী চৰকাৰৰ পৰিবৰ্তনৰ স্বৰূপ। সম্পদৰ কালত নামানি ব্ৰহ্মপুত্ৰৰ পৰা পুষ্কৰ মেলালৈ ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰিবলৈ কুন্ঠাবোধ নকৰা চৰকাৰখনে প্ৰতিটো বিপদত ৰামটাঙোন মাৰে জনতাৰ ওপৰত।

এতিয়া অসমত এই ভয়ংকৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ সকলো ক্ষেত্ৰতে পৰিব সেয়া নিশ্চিত। ভয়ংকৰ ৰূপ লব এতিয়া মূল্যবৃদ্ধিয়ে। পৰিবহন ব্যয় বাঢ়িব। মুঠতে চৰকাৰে হাত উদং হ'ব ধৰা সাধাৰণ মানুহৰ মুৰত এক প্ৰচণ্ড ৰামটাঙোন মাৰিলে দু:সময়ত। জনসাধাৰণ আজি সকলোতে পিষ্ট। কিন্তু বিকল্প চিন্তাহীন সম্পদৰ সময়ত অবাবত ৰাজকোষৰ ধন উৰুৱা চৰকাৰৰ কোনো চেতনা নাই। ভাবিবৰ সময় নাই সাধাৰণ মানুহৰ কথা। কেবল চমকত চলিছে যেন সকলো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।