বিহু চাবলৈ যোৱা যুৱতীক দলবদ্ধ ধৰ্ষণ

 04/29/2019 - 17:15

গুৱাহাটী: পুনৰ বলাৎকাৰৰ ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। হোজাইৰ পিছত এইবাৰ বাক্সাৰ দুবাত সংঘটিত হৈছে জঘন্য ঘটনা। বিহু চাবলৈ যোৱা যুৱতীক দলবদ্ধ ধৰ্ষণ আৰু তাৰ পিছত হত্যাৰ ভাবুকি।

সাংস্কৃতিক অনুষ্ঠান অব্যাহত থাকোতে সংঘটিত হয় এই ঘটনা।শনিবাৰে নিশা তিনি নৰপিশাচৰ কামনাৰ বলি হয় যুৱতীগৰাকী।

নিশাই যুৱতীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰে।পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তপন দাস নামৰ এজন অভিযুক্তক। কিন্তু আন দুজন বৰ্তমান পলাতক।

দীৰ্ঘ দিন ধৰি ধৃত তপন দাসে যুৱতীগৰাকীক দি আহিছিল প্ৰেমৰ প্ৰস্তাৱ। কিন্তু যুৱতীগৰাকীয়ে তপন দাসৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আহিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।