শিৱসাগৰৰ ভটিয়াপাৰৰ ভয়াৱহ অগ্নিকাণ্ডত চাৰিখন বাহন ভস্মীভূত

 04/29/2019 - 17:46

শিৱসাগৰঃ শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ভটিয়াপাৰত কালি সন্ধিয়া এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।

প্ৰাপ্ত বাতৰি অনুসৰি ভটিয়াপাৰৰ হৰিপ্ৰসন্ন হাজৰিকা (পাপু) নামৰ এজন ব্যক্তিৰ মালিকাধীন অশোক লিলেণ্ড বাণিজ্যিক গাড়ী ডিলাৰৰ চৌহদত সংঘটিত হোৱা অগ্নিকাণ্ডত ইতিমধ্যে জাহ গৈছে দুখন তেল পৰিবাহী টেংকাৰ, এখন ট্ৰাক আৰু এখন জেচিবি।

অতৰ্কিতে সংঘটিত জুইয়ে নিমিষতে একাধিক বাহনক আগুৰি ধৰাত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়। জুইৰ লেলিহান শিখা আৰু কলা ধোঁৱাই অঞ্চলটো নিমিষতে আগুৰি ধৰে।

তৎকালীনভাৱে অএনজিচি আৰু ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ বহু কেইখন বাহন ঘটনাস্থলিত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।