তামুলপুৰ মহকুমাৰ অন্তৰ্গত বগামাটিত সৌন্দয্যৰ ন ৰূপ

 04/23/2020 - 15:42

তামুলপুৰ: তামুলপুৰ মহকুমাৰ অন্তৰ্গত বগামাটিত সৌন্দয্যৰ ন ৰূপ। শান্ত-সমাহিত-পুলকিত বগামাটিত প্ৰকৃতিৰ ৰূপৰ বন্যা। লকডাউনৰ বাবে এইবাৰ পৰ্যটনস্থলী বগামাটিত নাই মানুহৰ সমাগম। মুক্ত মনে ঘূৰি ফুৰিছে চৰাই চিৰিকটি। বগামটিৰ নিৰ্মল পানীৰ ঢৌত জমা হৈছে সৰু বৰ বহুতো বগা পাথৰ।

বিশ্বত ক'ৰণাই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে প্ৰতিখন নগৰ-দেশত এতিয়া লকডাউন চলি আছে। স্তব্ধ হৈ পৰিছে মানুহৰ সমাগম, চলাচল তথা যাতায়ত ব্যৱস্থা। তেনে সময়তে আপোন মনে ঘূৰি ফুৰিছে চৰাই-চিৰিকটি। অইন বছৰত এই সময়ত দুঃসাহিক ক্ৰীড়া পৰ্যটনস্থলী বগামাটিত দেখা যায় পৰ্যটকৰ ভিৰ কিন্ত এইবাৰ নিতাল নিজান। প্ৰকৃতিৰ সৌন্দৰ্যৰ ৰাণী বুলি পৰিচিত এই বগামাটিত এতিয়া কেৱল চৰাই চিৰিকটিৰ মাত। জীৱ জন্তুৰো আছে এখন মুক্ত বিচৰণ ভূমি আৰু স্বাধীন মন।

কিন্ত মানুহৰ সমাগম তথা বিজ্ঞান প্ৰযুক্তিৰ দিনত এওঁলোক যেন আবদ্ধ। দেশত যি সময়ত লকডাউন চলিছে, মানুহৰ সমাগম বন্ধ হৈ পৰিছে তেনে সময়তে নাচিছে প্ৰকৃতি। ভূটান দেশৰ সিপাৰৰ পৰা বৈ অহা বৰনদীৰ শীতল পানী বৈ গৈছে বগামাটিৰ বুকুয়েদি। কুলু কুলু পানীৰ শব্দত আপোন পাহৰা হৈ পৰিছে প্ৰকৃতিৰ ৰম্যভূমি বগামাটি। বগৰী তথা বিভিন্ন গছ-লতাৰে আবৃত বগামাটিৰ পাহাৰত এতিয়া সেউজীয়া দৃশ্য বিৰাজমান। তেনে সময়তে শান্ত বগামাটিৰ জলৰাশিৰ দৃশ্যও এতিয়া চকুত লগা। বগামটিৰ নিৰ্মল পানীৰ ঢৌত পাৰলৈ জমা হৈছে সৰু বৰ বহুতো বগা পাথৰ। বছৰটোৰ অইন অইন সময়ছোৱাত এই সময়ত পৰ্যটকৰ সমাগমে আমোদ দিয়ে বিভিন্ন জনক।

নৈশ জংঘল শিবিৰ, ৰাফটিং, নৌকা-বিহাৰ আদিৰ লগতে জংঘল ট্ৰেকিং, জীপ লাইন আদিৰে ব্যস্ত হৈ পৰে বগামাটি। লক ডাউনৰ বাবে এইবাৰ সম্পূৰ্ণ ৰূপে বন্ধ বগামাটিৰ আমোদ ভ্ৰমণ। উল্লেখ্য যে বগমাটিৰ আশে পাশে থকা দৰিদ্ৰ লৰা ছোৱালীসমূহ অৰ্থৰ অভাৱত চিৰিয়াখানা বা অইন ঠাইলৈ যোৱাটো সম্ভৱ নহয় বাবেই বছৰটোৰ মাজত বগমাটিতে চিৰিয়াখানা তথা প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাদকতা উপভোগ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।