সাংবাদিকৰ স্বাধীনতা, বিশ্ব ৰেংকিঙত পুনৰ নিম্ন হ'ল ভাৰতৰ স্থান

 04/23/2020 - 16:34

উৎপল কুমাৰ কলিতা: যদিও সাংবাদিক আৰু সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় তাৰ পাছতো বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতত সাংবাদিকৰ স্বাধীনতা পুতৌজনক।বুধবাৰে বিশ্বৰ সাংবাদিকৰ স্বাধীনতাৰ ওপৰত বাৰ্ষিক স্হান নিৰ্ণয় কৰা বিশ্বজনীন সংগঠন Reporters without Borders ২০২০ চনৰ প্ৰকাশিত প্ৰতিবেদনত সাংবাদিকৰ স্বাধীনতাৰ ক্ষেত্ৰত ভাৰতৰ স্থান হ'ল ১৪২।

২০১৯ চনত ভাৰতৰ স্থান ১৪০ আছিল যদিও ২০২০ চনত ই দুটা স্থান তললৈ নামি ১৪২ হয়। ২০১৫ চনৰ পৰাই ভাৰতত সাংবাদিকৰ স্বাধীনতা খৰ্বই অভিলেখ ভংগ কৰিছে। ২০১৮ত ভাৰতত গৌৰী লংকেশ, সুজাত বুখাৰিকে ধৰি ছয়জন সাংবাদিক হত্যাৰ বলি হোৱাৰ পাছত ভাৰতত সাংবাদিকৰ স্বাধীনতাৰ সূচ্যাংকৰ চৰম অবনতি ঘটে। RWBৰ ১৮০ খন দেশৰ তালিকাত সেয়ে এইবাৰ ভাৰতৰ স্থান হ'ল ১৪২। সংস্হাটোৱে প্ৰকাশ কৰা মতে চৰকাৰৰ দোষ ক্ৰটি সমালোচনা আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে থিয় দিয়াৰ বাবে হিন্দুত্ববাদী সংগঠনৰ ভয়, ভাবুকিৰ লগতে ব্যক্তিগত চৰিত্ৰ কলুষিত কৰি বহু সাংবাদিকৰ জীৱন বিপৰ্যস্ত কৰা হৈছে।

হিন্দুত্ববাদ, ঘৃণা, সাম্প্ৰদায়িকতা বিয়পোৱা কাৰ্যৰ বিৰুদ্ধে ভাৰতত মাত মতা মানে সাংবাদিকৰ বিপদ। আনহাতে চৰকাৰক সমালোচনা কৰা মানে তেনে সাংবাদিক হৈ পৰে ৰাষ্ট্ৰদ্ৰোহী। আনকি ভাৰতত বহু নিষ্ঠাবান সাংবাদিকে চাকৰি হেৰুৱাব লগা হৈছে চৰকাৰী হেচাত। ৩৭০ৰ দফা বাতিলৰ সময়ত কাশ্মীৰত সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰা আৰু শেহতীয়াকৈ দুগৰাকী সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা কাৰ্য উল্লেখ কৰা হৈছে প্ৰতিবেদন।

বিশ্বৰ বৃহত্তম গণতন্ত্ৰত আজি চতুৰ্থ স্তম্ভৰ অৱস্হা কি, কিদৰে হৈছে সাংবাদিকৰ স্বাধীনতা হৰ তাক পুনৰ প্ৰমা হ'ল Reporters without Bordersৰ প্ৰতিবেদনত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।