মনোনয়ন পত্ৰ দাখিল অভিনেতা ছানী দেউলৰ

 04/29/2019 - 18:33

ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে বলিউদৰ অভিনেতা ছানী দেউলে বিজেপি দলত যোগদান কৰে। ২৩ এপ্ৰিলত আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰিছিল ছানী দেউলে।

ছানী দেউলে পঞ্জাৱৰ কংগ্ৰেছ দলৰ সভাপতি সাংসদ সুনিল জাখাৰৰ বিৰুদ্ধে যুঁজ প্ৰদান কৰিব। মনোনয়ন পত্ৰ দাখিলৰ আগমুহূৰ্তত পঞ্জাৱৰ গল্ডেন টেম্পলত সেৱা গ্ৰহন কৰে অভিনেতাগৰাকীয়ে। ইয়াৰ পাছতে গুৰদাসপুৰ লোকসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিলৰ বাবে আগবাঢ়ে ছানী দেউল।

বিজেপিত যোগদানৰ পাছতে পোন প্ৰথমবাৰৰ বাবে ৰাজস্থানৰ কৰমেৰত এক মেগা ৰেলীত অংশ গ্ৰহন কৰে অভিনেতা তথা বিজেপি প্ৰাৰ্থীগৰাকীয়ে। ৰেলীৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে অভিনেতা গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।