বৰপেটাঃ বৰপেটা জিলা বাঘবৰ সমষ্টিৰ অন্তৰ্গত ভাতনাপাইতি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯নং ভাতনাপাইতি ৱাৰ্ডৰ নিৰ্বাচন বিষয়াই নিয়োগ কৰা বিএলঅৰ দায়িত্বত থকা ৮২ নং পশ্চিম ধৰ্মপুৰ অংঙ্গনৱাদী কেন্দ্ৰৰ কৰ্মী ফুলমতী বেগমৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ।
জানিব পৰা মতে ফুলমতী আৰু তেওঁৰ স্বামীৰ সহযোগত চৰাঞ্চলৰ একাংশ নিৰীহ অশিক্ষিত জনসাধাৰণৰ সৰলতাৰ সুযোগ লৈ নতুন ভোটাৰক ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰা আৰু ভোটাৰ আই কাৰ্ডৰ নামত প্ৰতি গৰাকী ভোটাৰৰ পৰা ২০০০টকাৰ পৰা ৪০০০ টকা সংগ্ৰহ কৰাৰ লগতে একাংশই টকা নিদিয়াৰ বাবে ভোটাৰ আই কাৰ্ড সমূহ ফুলমতীয়ে নিজ ঘৰত জব্দ কৰি ৰাখে।
এনে নিকৃষ্ট কৰ্মৰ ভূক্তভোগীসকলে স্থানীয় ভাতনাপাইতি জনপ্ৰিয় বজাৰত সমবেত হৈ অসম চৰকাৰ আৰু বিএলঅগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰ হায়-হায়, ফুলমতীৰ দুৰ্নীতি নচলিব, ভোটাৰ আই কাৰ্ডৰ নামত পইছা লোৱা বন্ধ কৰক আদি প্ৰতিবাদী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।
উল্লেখ্য যে নিৰ্বাচনী বিষয়াৰ নামত আৰু বিভিন্ন খৰছৰ দোহাই দি ভোটাৰ আই কাৰ্ডৰ নামত ৰাইজৰ পৰা অবৈধ ভাবে বিএলঅ ফুলমতীয়ে সংগ্ৰহ কৰা ধনৰ আৰু ভোটাৰ আই কাৰ্ডৰ নামত জ্বলা কলা খোৱাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰিছে ভূক্তভোগীয়ে।
ইপিনে ভাতনাপাইতি গাঁৱৰ বাসিন্দা ফৰমান আলী নামৰ এগৰাকী ব্যক্তিয়ে ফুলমতী বেগম আৰু তেওঁৰ স্বামী আব্দুল হাকিমৰ বিৰুদ্ধে অবৈধ ভাবে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰি স্থানীয় আলোপতি চৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। ব্যাপক দুৰ্নীতি অনিয়মৰ আশ্ৰয় লোৱা ফুলমতীৰ বিৰুদ্ধে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহন কৰে সেয়া হ’ব লক্ষ্যণীয়।