চাৰণ বিলৰ কবিতা-৪ত কবিতা পাঠ আৰু কেনভাচত শিল্পীৰ শিল্পাংকন

 04/29/2019 - 19:19

মৰিগাঁওঃ ভাৰতে স্বাধীনতা লাভ কৰিছিল সঁচা, কিন্তু কাললৈ মচিব নোৱৰা সাম্প্ৰদায়িক সংঘৰ্ষ, ৰক্তপাতে মানুহৰ মন মগজুক আজিও কঁপাই তোলে। দেশ দ্বিখণ্ডিত হৈ ভাৰত আৰু পাকিস্তান হোৱা সময়ৰ মৰ্মন্তুদ দেধাৰ জীয়া ঘটনাৰ আলমত ৰচনা হৈ আহিছে বহুতো কালজয়ী সাহিত্য। অন্যান্য সকলৰ লগতে কৃষণ চন্দৰ আৰু চাদাত হাচান মান্টোৰ কলমৰেও নিগৰিছিল দেশ বিভাজনৰ গল্প।

মিতালী দেৰ অনিৰ্বচনীয় সংগীতৰ সহযোগত কবি, গল্পকাৰ তথা সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্যই চন্দৰ আৰু মান্টোৰ দুটি গল্পৰ পাঠ অনুষ্ঠানৰ সময়ত বহুতো শ্ৰোতাৰ তন্ময়তা আৰু চকুৰ কোণত জমা হোৱা চকুলোৱে গল্পকথন অনুষ্ঠানটি সাৰ্থক কৰি তুলিছিল। হয়, এয়া চাৰণ বিলৰ কবিতা-৪ শীৰ্ষক অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী।

মৰিগাঁও সদৰৰ মুহিলা হোমৰ নিপুন ডেকা স্মৃতি সদনত ২৮ এপ্ৰিলৰ দুপৰীয়া ১.০৫ বজাৰ লগে লগেই প্ৰতিকূল বতৰকো নেওচি আৰম্ভ হোৱা মনোজ্ঞ অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে ডাঃ পুণিৰাম পাতৰে আৰু শুভ উদ্বোধন কৰে অনুশীলন শীৰ্ষক গ্ৰন্থৰ বাবে যুৱ সাহিত্য অকাডেমি সন্মান প্ৰাপক বিশিষ্ট সমালোচক তথা যাত্ৰা শীৰ্ষক ত্ৰৈমাসিক আলোচনীৰ সম্পাদক অৰিন্দম বৰকটকীয়ে।

চাৰণ বিলৰ কবিতাৰ সমন্বয়ক অশোক ডেকাই জনোৱা আদৰণি ভাষণ আৰু মালিৰাম নাথ সোঁৱৰণী গল্পকথা অনুষ্ঠানৰ পাছতেই বিশিষ্ট সমালোচক হেমচন্দ্ৰ দত্তৰ সঞ্চালনাত অনুষ্ঠিত হয় বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্য আৰু অগ্ৰণী সাহিত্যালোচনী প্ৰকাশৰ সহযোগী সম্পাদক গীতালি বৰাৰ সৈতে বিশিষ্ট গল্পকাৰৰ সৈতে কথোপকথন শীৰ্ষক অনুষ্ঠান।

ইয়াৰ পাছতেই বিশিষ্ট কবি, গীতিকাৰ কেশৱ বৰাৰ সঞ্চালনাত নিৰ্বাচিত কবিৰ কবিতা পাঠ শীৰ্ষক অনুষ্ঠানত কবিতা পাঠ কৰে ডঃ অজিত ভড়ালী, চন্দ্ৰ কুমাৰ বৰা, কিশোৰ মনজিত বৰা, মদাৰজ্যোতি, নীলাভ সৌৰভ, জিন্টু গীতাৰ্থ, ফাৰহান জাৱেদ, প্ৰাঞ্জল তালুকদাৰ আৰু লক্ষজিৎ বৰাৰ লগতে দূৰ্গেশ্বৰ বৰকটকী, সঞ্জীৱ সাগৰ চৌধুৰী, পবন শৰ্মা, অজন্তা বৰা, দিজেন্দ্ৰ নাথ হাজৰিকা, মাধৱ চন্দ্ৰ ডেকা, হেমন্ত ভাৰতী, নৱজ্যোতি শৰ্মা বৰুৱা, ৰূপম নাথ, পুতুলী মুদৈ, ভবেন চন্দ্ৰ নাথ, ধৰিত্ৰী দেৱী, চনী কৌৰ, জান বৰদলৈ, ৰতন ৰাগ প্ৰমূখ্যে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা কবিসকলে।

উল্লেখ্য যে মুহিলা হোমৰ বাকৰিত অনুষ্ঠানৰ সমান্তৰালকৈ শিল্পী নগেন হাজৰিকা,দুলমণি নাথ,শৈলেন মল্লিক পল্টু, অৰুণ নাথ, উৎপল দাস আৰু অসীম বৰদলৈয়ে কেনভাচত চিত্ৰ অংকন কৰা কাৰ্যসূচীয়ে চাৰণ বিলৰ কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰে। মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা, সাহিত্যিক মিলেশ্বৰ পাতৰ, মনোজ কুমাৰ দেওৰজা, আবুল হাচেম আল আমন, সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, জ্যোতিপ্ৰসাদ ভূঞা প্ৰমূখ্যে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত প্ৰতিকূল বতৰকো নেওচি চাৰণ বিলৰ কবিতা-৪ক সৰ্বাংগসুন্দৰ ৰূপত সফল ৰূপায়ণ কৰা প্ৰতিগৰাকী শুভানুধ্যায়ীলৈ আহ্বায়ক চন্দন গোস্বামী আৰু প্ৰজ্ঞানজ্যোতিয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।