লকডাউনত বিমান, হেলিকপ্তাৰৰ নামত কিমান উৰিল অসমত

 04/24/2020 - 15:21

উৎপল কুমাৰ কলিতা: যিখন ৰাজ্যই নদীপূজা, পুস্কৰ উৎসৱ, মহাৰুদ্ৰ যজ্ঞৰ দৰে অসমত কোনেকালে নোহোৱা কিছুমান উৎসৱ পাতি কোটি কোটি টকা ব্যয় কৰিলে সেইখন ৰাজ্যৰ ৰাজকোষৰ তলি উদং। কৰ্মচাৰীৰ দৰমহাৰ অনিশ্চয়তা। ৰাইজৰ মুক্তহস্তে চৰকাৰৰ দানেও ৰক্ষা কৰিব পৰা নাই। পেট্ৰল, ডিজেলত বৃহৎ কৰ আৰোপ কৰাৰ পাছতো চিন্তা। হয় এয়া ক'ৰণা সংকট আৰু লকডাউনৰ অসমৰ বিত্তীয় পৰিবেশ।

কিন্তু চৰকাৰে বিত্তীয় পৰিস্থিতিৰ কথা কলেও জটিল সময়ত ব্যয় সংকোচন নহয় ৰজা মহাৰজাৰ। আপুনি শুনি আচৰিত হব লকডাউনৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ হেলিকপ্তাৰ আৰু চাটাৰ্ড বিমান ভ্ৰমৰ ব্যয় কৌটি কোটি টকা। স্বাস্হ্য মন্ত্ৰী ঘুৰিছে সমগ্ৰ অসম বেমাৰীৰ খবৰ লৈছে, বেমাৰী মেডিকেলৰ পৰা ৰিলিজ দিব গৈছে, quarantine center গৈছে, গাঁও ছিল কৰিব গৈছে মুঠতে দৌৰিছে। মুখ্যমন্ত্ৰীও ইখন সিখন জিলালৈ গৈছে খবৰ লব আৰু ব্যৱহাৰ হৈছে হেলিকপ্টাৰ।

লকডাউনৰ সময়ত দুই মন্ত্ৰীয়ে প্ৰায় ৩৫বাৰ হেলিকপ্তাৰ ব্যৱহাৰ কৰিছে। প্ৰতিবাৰ হেলিকপ্তাৰৰ ভ্ৰমৰ নামত খৰছ কমেও ৮-৯ লাখ টকা। আনহাতে এই সময়ত ছয়বাৰকৈ ব্যৱহাৰ কৰিছে চৰকাৰে চাটাৰ্ড বিমান যাৰ ভাৰা কমেও ১০-১১ লাখ টকা। কৃষি মন্ত্ৰী অতুল বৰাই এবাৰ ব্যৱহাৰ কৰিছে হেলিকপ্তাৰ। আনহাতে অতুল বৰা, কেশব মহন্ত, ফণীভূষন চৌধুৰীয়ে বৰাকলৈ যোৱাৰ বাবে ব্যৱহাৰ কৰিছিল চাটাৰ্ড বিমান।

মুঠতে লকডাউনৰ সময়ত ১০-১২ লাখ টকা প্ৰতিদিনে গড়ে ৰাজকোষৰ পৰা ব্যয় হৈছে হেলিকপ্টাৰ আৰু চাটাৰ্ড বিমানৰ ভাড়াৰ নামত। এই ব্যয় প্ৰায় ৫ কোটি আৰু ইয়াৰে ৩.৫ কোটি চৰকাৰে ইতিমধ্যে আদায় দিছে।

এতিয়া প্ৰশ্ন হ'ল ৰাজকোষৰ লি উদং সময়ত কিয় ব্যয় সংকোচন নীতি প্ৰয়োগ নহয় জনপ্ৰতিনিধিৰ ক্ষেত্ৰত। কিমানটা ইয়াৰে ভ্ৰম অতি গুৰুত্বপূৰ্ণ। ৰাইজক বৃহৎ অতিৰিক্ত কৰৰ বোজা জাপি দিয়া ৰজা, মন্ত্ৰীয়ে নিজৰ ব্যয়সংকোচনৰ কথা ভাবিব কেতিয়া।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।