বৰপেটাৰোডৰ প্ৰেছ ক্লাৱত সাংবাদিক আক্ৰমণকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত অৱস্থান ধৰ্মঘট

 04/29/2019 - 19:55

বৰপেটাৰোডঃ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকা, তিনিচুকীয়াৰ সাংবাদিক উপাসনা বৰুৱা আৰু যোৰহাটৰ সাংবাদিক ৰাজীৱ বৰাক দুবৃত্তই কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বৰপেটাৰোড প্ৰেছ ক্লাৱে৷ সাংবাদিকক আক্ৰমণ কৰা লোকক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ দাবী জনাইছে প্ৰেছ ক্লাৱে৷

বৰপেটাৰোড প্ৰেছ ক্লাৱত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্যৰ সংবাদ মাধ্যমৰ মত স্বাধীনতাত যাতে কোনেও হস্তক্ষেপ নকৰে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা, সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰা, সাংবাদিকৰ প্ৰতি ভাবুকি প্রদান বন্ধ কৰা, অসামাজিক আচৰণ বন্ধ কৰা,

শাৰীৰিক নির্যাতন চলােৱা ব্যক্তিৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আইনী প্ৰৱৰ্তন কৰা, দুস্কৃতিকাৰীৰ দ্বাৰা নিগৃহীত সাংবাদিক ৰাজীৱ বৰা, ৰাজেন ডেকা আৰু উপাসনা বৰুৱাক চিকিৎসাৰ লগতে আর্থিক ক্ষতিপূৰণ আদায় দিয়া, ৰাজ্যৰ প্ৰতিগৰাকী স্বীকৃতিপ্রাপ্ত সাংবাদিকক জীৱন বীমা, স্বাস্থ্য বীমা কৰাৰ ব্যৱস্থা কৰা আদি দাবী সম্বলিত এখনি স্মাৰক পত্ৰ বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।