ৰাহুল গান্ধীয়ে মিছা কথা কয় : স্মৃতি ইৰানী

 04/29/2019 - 20:12

ডিজিটেল ডেস্ক: দেশৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি আমেঠি লোকসভা সমষ্টিৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব দুজনকৈ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে। কংগ্ৰেছ দলৰ পৰা সভাপতি ৰাহুল গান্ধী আৰু বিজেপি দলৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। স্মৃতি ইৰানীয়ে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক উদ্দেশ্য কৰি কয় যে ৰাহুল গান্ধীয়ে মিছা কথা কৈ আমেঠিবাসীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে।

কৃষকৰ উন্নতিৰ কথা কোৱা কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে নিজেই কৃষকৰ মাটি হস্তগত কৰিছে। লগতে আদালতে ৰ্নিদেশ দিয়াৰ পাছতো ৰাহুল গান্ধীয়ে বিগত তিনি বছৰ ধৰি কৃষকৰ ভূমি বেদখল মুক্ত কৰা নাই। লগতে ভাৰতক দুভাগত ভাগ কৰিব বিচৰা কাশ্মীৰৰ নেতা য়াচিন মালিকৰ সৈতে কংগ্ৰেছে একেলগে কাম কৰাৰো অভিযোগ উত্থাপন কৰে স্মৃতি ইৰানীয়ে।

য়াচিন মালিকৰ বিৰুদ্ধে ৪গৰাকী ভাৰতীয় বায়ুসেনা জোৱানক হত্যা কৰাৰ অভিযোগ থকাৰ পাছতো কংগ্ৰেছে তেওঁৰ ওচৰত শৰণাপন্ন হয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।