প্লাজমা থেৰাপীয়ে আনিলে আশা: কেৰেলাৰ গৱেষণাৰে দিল্লীত সফলতা

 04/24/2020 - 19:11

উৎপল কুমাৰ কলিতা: কভিড নাইটিনৰ বিভীষিকাৰ মাজত এক আশাৰ খবৰ দিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। জটিল ক'ৰণা ৰোগীৰ বাবে আশাৰ কিৰ প্লাজমা থেৰাপী। কেৰেলাৰ গৱেষণাৰে দিল্লীত সফলতা। উল্লেখযোগ্য যে কভিড নাইটিন আক্ৰান্ত হোৱাৰ পাছত আৰোগ্য লাভ কৰা ৰোগীৰ দেহত এক প্ৰতিৰোধী শক্তি সৃষ্টি হয় আৰু তেজত থকা প্লাজমাৰ পৰা সেই শক্তি লৈ অন্য জটিল ভাবে আক্ৰান্তৰ শৰীৰত প্ৰয়োগ কৰি সুস্হ কৰি তুলিব পাৰি।

কেৰেলাৰ চিত্ৰা তিৰুনেল ইন্সটিটিউট অব মেডিকেল চাইন্স প্ৰথমে ইয়াৰ প্ৰস্তুতি চলে যদিও ৰাজ্য খনত জটিল ৰোগী নথকাত ক্লিনিকেল টেষ্ট কৰিব পৰা নগ'ল। পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সেই প্লাজমা থেৰাপীৰ ওপৰত গুৰুত্ব দি ICMRৰ অনুমতি লৈ এই পদ্ধতি প্ৰথমে মেক্স হস্পিতালৰ এজন ভেন্টিলেছনত থকা ৰোগীৰ ওপৰত প্ৰয়োগ কৰি সফল হয় আৰু পাছত লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হস্পিতেলৰ তিনিজন কভিড আক্ৰান্তৰ শৰীৰত প্লাজমা থেৰাপি প্ৰয়োগ কৰে।

ইফালে আজি অৰবিন্দ কেজৰিৱালে প্ৰকাশ কৰা মতে চাৰিওজন ৰোগী ক্ৰমাত সুস্হ হৈছে প্লাজমা থেৰাপীৰে। ই কভিড নাইটিন চিকিৎসাৰ নতুন আশা বুলি কৈ তেওঁ দিল্লীৰ আন কেইখনমান চিকিৎসালয়টো ইয়াৰ প্ৰয়োগ কৰিব বুলি জনায়। আনহাতে উত্তৰ প্ৰদেশ, গুজৰা, কৰ্ণাটকৰ চৰকাৰেও ইয়াৰ পাছতে ICMR ৰ পৰা প্লাজমা থেৰাপী প্ৰয়োগৰ অনুমতি বিচাৰিছে।

ইফালে গুজৰাটৰ বৰোদোৰাৰ ৪০ জন ক'ৰণাৰ পৰা সম্পূৰ্ণ সুস্হ মুছলমান লোকে এনে চিকিৎসাৰ বাবে প্লাজমা দান কৰা কথা মুকলি ভাবে ঘোষণা কৰিছে। ক'ৰণা বিভীষিকাৰ মাজত ই নিশ্চয় এক আশাৰ বতৰা। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।