প্ৰাক্তন প্ৰধান শিক্ষকক প্ৰাক্তন ছাত্ৰীৰ ১ লাখ টকাৰ গুৰু দক্ষিণা !

 04/29/2019 - 20:25

নলবাৰীঃ মানৱতাতকৈ শ্ৰেষ্ঠ ধৰ্ম আন একো নাই। অকৃত্ৰিম হৃদয়ৰ প্ৰমূল্যবোধে সমাজত গঢ়ে মানৱ ধৰ্মৰ সৌধ। নলবাৰীত প্ৰধান শিক্ষকৰ প্ৰতি এগৰাকী ছাত্ৰীৰ পৰম শ্ৰদ্ধাৰ নিদৰ্শনে সমাজক দেখুৱাইছে আদৰ্শৰ বাট।

উল্লেখযোগ্য যে মিলন বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সৰ্বেশ্বৰ মজুমদাৰে গোটেই জীৱন বিনা বেতনৰে শিক্ষকতা কৰি অৱসৰ লয়। ছাত্ৰী-ছাত্ৰীক মানুহ ৰূপে গঢ় দিয়াই আছিল তেওঁৰ জীৱনৰ ব্ৰত। নিজৰ জীৱনৰ কথা তিলমানো চিন্তা নকৰি প্ৰধান শিক্ষকগৰাকীয়ে কেৱল ভাবিলে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা আৰু জ্ঞানেৰে সমৃদ্ধ কৰি আগুৱাই লৈ যোৱাৰ কথা।

দুৰ্ভাগ্য যে প্ৰধান শিক্ষক সৰ্বেশ্বৰ মজুমদাৰে অৱসৰ গ্ৰহণ কৰাৰ পাছতহে বিদ্যালয়খন চৰকাৰী অনুমোদন প্ৰাপ্ত হ’ল। এইগৰাকী কৃতী শিক্ষকৰ অশেষ কষ্ট, পৰিশ্ৰম,ত্যাগ আৰু মনোবলৰ প্ৰতি সন্মান জনাই আজি আগবাঢ়ি আহে বিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰী সৃষ্টি শৰ্মা।সৃষ্টি শৰ্মাই গুৰু দক্ষিণা হিচাপে প্ৰাক্তন প্ৰধান শিক্ষক সৰ্বেশ্বৰ মজুমদাৰক আগবঢ়ায় এক লাখ টকাৰ চেক।

ইয়াৰ উপৰিও প্ৰাক্তন ছাত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ শিক্ষকবৃন্দক একোখনকৈ ফুলাম গামোচা পিন্ধাই সেৱা যাঁচে আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰে নিৰামিষ আহাৰ। সৃষ্টি শৰ্মাই বিদ্যালয়খনৰ প্ৰতি দেখুওৱা এনে মহানুভৱতাক ৰাইজে শলাগ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।